জোনাই, 25 ফেব্ৰুৱাৰী : অসম এখন কৃষি প্ৰধান ৰাজ্য ৷ প্ৰায় 70% মানুহেই ইয়াত কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে ৷ কিন্তু অসমৰ কৃষিজীৱী লোকসকলৰ বাবে প্ৰতিবছৰেই চকুলো কঢ়িয়াই আনে অসমৰ বানপানীৰ সমস্যাই ৷ বানে জুৰুলা কৰা কৃষক সমাজে জানে নিজৰ কৃষিভূমি জাহ যোৱাৰ দুখ-কষ্ট কি !
চিলাসূঁতি গাওঁ পঞ্চায়তৰ কেইবাখনো কৃষিজীৱী গাঁৱৰ ৰাইজে বিগত কেইবাবছৰে চৰকাৰ-প্ৰশাসনক গৰা-খহনীয়া ৰোধ কৰিবলৈ অনুৰোধ জনাই আহিছে (Demow and Ghaghara River in Silasuti village), কিন্তু কোনো কাণসাৰ নাই চৰকাৰী কৰ্তৃপক্ষৰ ৷ প্ৰতিবছৰে ঘগৰা, ডিমৌ নদীৰ বান গৰা-খহনীয়াই বিস্তৰ ৰূপত ক্ষতিগ্ৰস্ত কৰি আহিছে চিলাবালিগাঁও, উত্তৰ বালিগাঁও, পূৱ বালিগাঁৱৰ কৃষিভূমি (Erosion of Demow and Ghaghara River) ৷ গৰাখহনীয়াৰ তাণ্ডৱত শ শ বিঘা কৃষিভূমি নদীৰ বুকুত ইতিমধ্যেই জাহ গৈছে ।
প্ৰতিবছৰে সৃষ্টি হোৱা ঘগৰা নদীৰ গৰাখহনীয়াৰ ফলত উত্তৰ বালিগাঁৱখনলৈ মাত্ৰ দুশ মিটাৰহে বাকী আছে (Erosion of Demow and Ghaghara River) । বাৰিষাৰ আগতে ঘগৰা নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত নল'লে উত্তৰ বালিগাঁও,পূৱ বালিগাঁও আৰু চিলাবালিগাঁও কেইখনলৈ ভাবুকি কঢ়িয়াই অনাটো নিশ্চিত হৈ পৰিছে । গৰাখহনীয়াৰ উপৰি ঘগৰা আৰু ডিমৌ নদীৰ বানপানীয়ে প্ৰতিবছৰে চিলাবালিগাঁও, পূৱ বালিগাঁও, উত্তৰ বালিগাঁও আৰু গৌৰাঙ্গপুৰ আদি কৃষিজীৱী গাওঁ সমূহত তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰি আহিছে ।
চৰকাৰী কৰ্তৃপক্ষক বাৰম্বাৰ তেওঁলোকে অনুৰোধ জনাই আহিছে যদিও কোনো কাণসাৰ নাই প্ৰশাসনৰ ৷ ঘগৰা, ডিমৌ নদীৰ বান গৰা-খহনীয়াত ইতিমধ্যেই শ শ বিঘা কৃষিভূমি জাহ গৈছে (Erosion of Demow and Ghaghara River) ৷
ঘগৰা আৰু ডিমৌ নদীয়ে প্ৰতিবছৰে সৃষ্টি কৰি অহা বান-খহনীয়াৰ বাবে একমাত্ৰ কৃষিকৰ্মৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিয়াল পোহ-পাল দি অহা চিলাসূঁতি গাওঁ পঞ্চায়তৰ বান গৰা-খহনীয়াগ্ৰস্ত গাওঁ কেইখনৰ কৃষক ৰাইজ বিমোৰত পৰা পৰিলক্ষিত হৈছে । বাৰিষাৰ আগতে ঘগৰা আৰু ডিমৌ নদীৰ খহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ ভূক্তভোগী ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক : Handmade gun recovered: কলিয়াবৰ চাহ বাগিচাত হস্ত নিৰ্মিত বন্দুক উদ্ধাৰ; দুই দুষ্কৃতিকাৰীৰ পলায়ন