জোনাই, 11 জুলাই : জোনাই কবু চাপৰিত অব্যাহত আছে চিয়াং নৈৰ ভয়াৱহ (Erosion) গৰাখহনীয়া ৷ চিয়াং আৰু নিউ চিয়াং নামে নৈ দুখনৰ প্ৰবল বান আৰু খহনীয়াৰ ফলত অস্তিত্বৰ গৰাহত নদীদ্বীপ কবু চাপৰি ৷ বিগত কেইবাদিন ধৰি হোৱা বৰষুণৰ ফলত কবু চাপৰিত বৃদ্ধি পাইছে চিয়াং নৈৰ (Siang River) জলপৃষ্ঠ ৷
ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে চিয়াং নৈৰ খহনীয়াই ৷ ইতিমধ্যে নৈখনৰ খহনীয়াৰ কবলত পৰি বহু পৰিয়ালৰ মাটি-ভেটিৰ লগতে নৈখনৰ বুকুত জাহ গৈছে শ শ বিঘা কৃষিভূমি ৷ জোনাইৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং আৰু ২নং ৱাৰ্ড দুটা চিয়াং নৈৰ (Siang River) খহনীয়াত বিলীন হৈ গৈছে ৷
যোৱা এসপ্তাহত চিয়াঙৰ খহনীয়াত প্ৰায় ৩০ টাৰো অধিক পৰিয়ালৰ মাটি-ভেঁটি নৈখনৰ বুকুত জাহ গৈছে ৷
কেইবাটাও পৰিয়ালে হেৰুৱাই পেলাইছে ঘৰ-বাৰীৰ লগতে শ শ বিঘা কৃষি ভূমি ৷ ইফালে মাটি-ভেটি হেৰুৱাই বহুকেইটা পৰিয়ালে কবু চাপিৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে ওখ নিৰাপদ স্থানত আশ্ৰয় ল'বলগীয়া হৈছে ৷ নৈখনৰ ক্ৰমান্বয়ে জলপৃষ্ঠ বৃদ্ধি হৈ ওখ স্থানসমূহ বুৰাই পেলোৱাত আৰু অধিক অৱনতি ঘটিছে কবু চাপৰিৰ বান পৰিস্থিতি ৷
লগতে পঢ়ক- ক'ভিড বিধি উলংঘন: দেশত তৃতীয় ঢৌৰ বাবে দায়ী হ'ব সাধাৰণ নাগৰিক