ETV Bharat / state

Elephant menace: জোনাইত বনৰীয়া হাতীৰ উপদ্রৱ

author img

By

Published : Jun 20, 2022, 4:54 PM IST

জোনাইত বনৰীয়া হাতীৰ উপদ্রৱ (Elephant menace at Jonai) । বিঘাই বিঘাই খেতিয়কৰ পথাৰৰ মাকৈ খাই নষ্ট কৰে ২৫-৩০ টা বনৰীয়া হাতীৰ জাকে ।

elephant menace at Jonai
জোনাইত বনৰীয়া হাতীৰ উপদ্রৱ

জোনাই, 20 জুন: এফালে বান, আনফালে বন্যহস্তীৰ উপদ্ৰৱ ৷ ৰাজ্যত বন্যহস্তীৰ ত্ৰাসৰ ঘটনা কোনো নতুন কথা নহয় (Man elephant conflict in Assam) ৷ বিশেষকৈ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলসমূহত বন্যহস্তীৰ উপদ্ৰৱ নৈমিত্তিক ঘটনা হৈ পৰিছে ৷ এনেই নেৰানেপেৰা বৰষুণ, তাতে জনাঞ্চললৈ বন্যহস্তীৰ আগমন তথা পথাৰৰ শষ্য নষ্ট কৰাৰ লগতে ঘৰ-বাৰী ভাঙি চলোৱা তাণ্ডৱত বাৰুকৈয়ে বিপাঙত পৰিছে অসম-অৰুণাচল সীমান্তৰ জোনাইৰ পুৰণা জেলমৰ ৰাইজ (Elephant menace in Jonai) ৷

জোনাইত বনৰীয়া হাতীৰ উপদ্রৱ

নিশা জোনাইৰ পুৰণা জেলম গাঁৱৰ একাংশ খেতিয়কৰ বিঘাই বিঘাই মাকৈ খেতি খাই তহিলং কৰে প্ৰায় ২৫-৩০ টা হাতীৰ জাকটোৱে (Wild elephant persecution at Jonai) ৷ ফলত মূৰে-কপালে হাত দিছে খেতিয়কসকলে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, খাদ্যৰ সংকটত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীয়ে অসম-অৰুণাচল সীমান্তৰ এই অঞ্চলটোত নিতৌ ত্ৰাস সৃষ্টি কৰি আহিছে ৷

হাতীৰ ভয়ত প্ৰায় গোটেই নিশা উজাগৰে থাকিবলগীয়া হয় গাঁওবাসী । ইফালে বন বিভাগৰ লোক সময়ত ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে গাঁওবাসী । লগতে অনতি পলমে এই সমস্যা সমাধানৰ বাবে চৰকাৰক আহ্বান জনায় স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: ধোঁৱাচাঙত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি: ৰাস্তা নিৰ্মাণ কৰেহে কৰে বোকা কিন্তু হৈয়েই থাকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.