ETV Bharat / state

ৰাজপথত জ্বলিল যতীন-আশা-বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে মংগলবাৰে ধেমাজি সদৰত অভিনেতা যতীন বৰা , অভিনেত্ৰী আশা বৰদলৈ আৰু শিল্পী বিদ্যা সাগৰৰ প্ৰতিকৃতি দাহ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

author img

By

Published : Aug 19, 2020, 10:07 PM IST

effigy burn at Dhemaji by AJYP
effigy burn at Dhemaji by AJYP

ধেমাজি, 19 আগষ্ট : এজনৰ পিছত আনজন শিল্পী অভিনেতা -অভিনেত্ৰীয়ে বিজেপিত যোগদান কৰাক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ আলোড়নৰ ‌। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে মংগলবাৰে ধেমাজি সদৰত অভিনেতা যতীন বৰা , অভিনেত্ৰী আশা বৰদলৈ আৰু শিল্পী বিদ্যা সাগৰৰ প্ৰতিকৃতি দাহ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে ৰাজপথ । ইপিনে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল চুতীয়াই এই ত্ৰিমূৰ্তি শিল্পীক সুবিধাবাদী, বিজেপিৰ প্ৰলোভনৰ ৰাজনীতিত ভৰি দি অসমীয়া প্ৰতাৰণা কৰিছে বুলি সমালোচনা কৰে ।

ৰাজপথত জ্বলিল যতীন-আশা-বিদ্যাসাগৰৰ প্ৰতিমূৰ্তি

তদুপৰি শাসনাধীষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে, প্ৰলোভনৰ ৰাজনীতি আৰম্ভ কৰিলেও ‘কা’ আন্দোলনকাৰী থমকি ৰোৱা নাই । কৰ'ণা বাবে কিছু বাধা আহিছে যদিও স্তিমিত হোৱা নাই ‘কা’ আন্দোলন । সেয়ে আগন্তুক দিনত ‘কা’ বিৰোধী আন্দোলন অধিক ভয়াবহ হ’ব বুলিও হুংকাৰ দিয়ে নেতাগৰাকীয়ে ।

উল্লেখ্য যে,লক্ ডাউন শিথিল হোৱাৰ পাচৰে পৰা ৰাজ্যত পুনৰ ‘কা’ বিৰোধী আন্দোলনৰ উকমুকনি উঠিছে ৷ আছুকে ধৰি কেইবাটাও সংগঠনে এই আইনৰ বিৰোধিতাৰে মানৱ শৃংখল কাৰ্যসূচী বাহিৰ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : ৰাইজে আটক কৰা চুপাৰী কিলাৰৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.