জোনাই ২ জানুৱাৰী : দেওবাৰে জোনাইত কেইবাটাও কাৰ্যসূচীলৈ পুৱাতে উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education minister Ranoj Pegu) ৷ মহকুমাটোৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান জোনাই বালিকা মহাবিদ্যালয়ত উপস্থিত হৈ শিক্ষামন্ত্ৰীজনে মহাবিদ্যালয়টোত স্থাপন কৰা এখনি আধুনিক ভাৰ্চুৱেল ক্লাছ ৰূমৰ শুভাৰম্ভ কৰে ৷ আধুনিক ক্লাছ ৰুমটোৰ শুভাৰম্ভ কৰি শিক্ষামন্ত্ৰীজনে বৰ্তমান সময়ত এনে এখনি আধুনিক শ্ৰেণীকক্ষৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে ৷
ইয়াৰ পিছতে শিক্ষামন্ত্ৰীজনে জোনাইৰ বিশিষ্ট শিক্ষাবিদ ডিৰাম কুম্বাঙৰ এখনি প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ জোনাই চিৰকি নানৌ ৰাজহুৱা স্থানত জোনাই মহকুমটোৰ বিশিষ্ট শিক্ষাবিদ জনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি কয় সমাজৰ বাবে অৱদান আগবঢ়াই যোৱা বিশিষ্ট লোকসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ এনেদৰে প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় ৷ ইফালে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ চিমেন চাপৰিস্থিত নামঘৰ উন্নীতকৰণ আঁচনিৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ (MP Pradan Baruah) উপস্থিতিত অসম চৰকাৰৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ বিধায়ক পুঁজিৰ ৯.১০ লাখ টকাৰ পুঁজি ধাৰ্যকৃত আঁচনিখনৰ আধাৰশিলা স্থাপন কৰে তেওঁ ৷ ইয়াৰোপৰি ২০২৩ চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাত অনুষ্ঠিত হ'বলগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক প্ৰাদেশিক অধিৱেশনখনৰ প্ৰস্তুতিৰ কাম-কাজ সোমবাৰৰে পৰা আৰম্ভ কৰিব বুলি তেওঁ উল্লেখ কৰে ৷
লগতে পঢ়ক : অসমৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে