জোনাই ১২ অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে জোনাইৰ বিভিন্ন প্ৰান্তত ক’ভিড প্ৰটৱকলৰ মাজৰে অনুষ্ঠিত কৰিছে দুর্গা পূজা । জোনাইৰ ১২ খন পূজা মণ্ডপত মঙলবাৰে মহা সপ্তমীৰ দিনা পুৱাৰে পৰা পৰম্পৰা নিয়ম অনুসৰি পুৰোহিত তথা বহু সংখ্যক ভক্তই পূজা আগবঢ়াইছে দুৰ্গতি নাশিনীক ৷ পূর্বৰ দৰে বৃহৎ মণ্ডপ, জাকজমকীয় আলোকসজ্জা নাথাকিলেও চৰকাৰৰ নির্দেশ অনুসৰি পালন কৰিছে দূৰ্গতি নাশিনী দেৱী দুৰ্গাৰ আৰাধানা ৷
মুকলি মণ্ডপ স্থাপন কৰা দুর্গাপূজা কমিটীসমূহে আয়োজন কৰিছে দুর্গোৎসৱ ৷ উল্লেখ্য যে, জোনাইৰ মুৰ্কংচেলেক লক্ষী নেপালী বস্তি সার্বজনীন দুর্গা মন্দিৰত মহা নৱমীৰ দিনা অগণন ভক্তই নিজৰ বা পৰিয়াল তথা দেশৰ শান্তি-মংগল কামনা কৰি মা দুৰ্গাৰ ওচৰত আশীৰ্বাদ বিচাৰি বলি দি উৎসৰ্গা কৰিব ৷ ছাগলী, হাঁহ আদি বলি দি দেৱীৰ চৰণত আশীৰ্বাদ ল’ব ভক্ত বৃন্দই ৷
লগতে পঢ়ক : আড়ম্বৰপূৰ্ণ ভাৱে ডিব্ৰুগড়ৰত উদযাপন শাৰদীয় দুৰ্গোৎসৱ