ধেমাজী,12 ছেপ্তেম্বৰঃ শুক্ৰবাৰে ধেমাজিৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ চৰকাৰীৰ কাৰ্যালয়ত সাক্ষাৎকাৰ নামত নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে ৷ চাকৰি নৌহওঁতেই সাক্ষাৎকাৰ প্ৰাৰ্থীয়ে শুৱনি কৰিলে কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ আসন ৷ আচলতে তেওঁলোক কাৰ্যালয়টো কৰ্মচাৰী নে সাক্ষাৎকাৰৰ প্ৰাৰ্থী ধৰিবকে নোৱাৰি ৷ উল্লেখযোগ্য যে, Selection of Enumerator for Baseline Survey of Micro, Small and Medium Enterprise (MSME )ৰ পদৰ বাবে আয়োজন কৰিছিল সাক্ষাৎকাৰ ৷ জানিব পৰা মতে তিনিটা পদৰ বাবে ৬৭ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল ৷
ইপিনে নিৰ্ধাৰিত সময়তকৈ এঘন্টা দেৰিকৈ আহি উপস্থিত হয় প্ৰধান পৰিচালক কৰুণা দাস ৷ যাৰ বাবে দিনটোৰ বাবে অচল হৈ পৰে বিভাগটোৰ অতি গুৰুত্বপূৰ্ণ কামকাজ সমূহ ৷ এইক্ষেত্ৰত পৰিচালক গৰাকীয়ে জানিবলৈ দিয়া মতে সাক্ষাৎকাৰ নামত বিভাগৰ তৰফৰ পৰা পূঁজি যোগান ধৰা নাই বাবে অন্য কোঠাত ল’ব পৰা নগ’ল সাক্ষাৎকাৰ ৷ সেয়ে উপায়ন্তৰ হৈ কৰ্মচাৰী আৰু আন বিষয়াসকলৰ আসনত বহিবলৈ দি আয়োজন কৰিলে সাক্ষাৎকাৰ ৷ সম্প্ৰতি সমগ্ৰ ঘটনাক কেন্দ্ৰকৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃ ক'ভিডত আক্ৰান্ত জুবিন গাৰ্গৰ পিতৃ