ETV Bharat / state

ধেমাজিৰ চিমেন চাপৰিত বন্য ৰেচম কৃষি মেলা - কেন্দ্ৰীয় চিল্ক ব'ৰ্ড

ধেমাজিৰ চিমেন চাপৰিত শুকুৰবাৰে কেন্দ্ৰীয় মুগা এৰী গৱেষণা ও প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত, বন্য ৰেচম কৃষি মেলা অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত গ্ৰন্থ উন্মোচনকে ধৰি কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ৷

বন্য ৰেচম কৃষি মেলা
বন্য ৰেচম কৃষি মেলা
author img

By

Published : Feb 7, 2020, 10:00 PM IST

ধেমাজি, 7 ফেব্ৰুৱাৰীঃ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় চিল্ক ব'ৰ্ডৰ অধীনত কেন্দ্ৰীয় মুগা এৰী গৱেষণা ও প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আজি, ধেমাজি জিলাৰ চিমেন চাপৰিৰ বহুমুখী প্ৰেক্ষাগৃহত বন্য ৰেচম কৃষি মেলা অনুষ্ঠিত কৰা হয় ৷ ধীৰেন্দ্ৰ নাথৰ নেতৃত্বৰ শিল্পী দলে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষন আগবঢ়াই কেন্দ্ৰীয় চিল্ক বৰ্ডৰ গৱেষক দ্বীপ গগৈয়ে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ধেমাজি জিলাৰ সহকাৰী উপায়ুক্ত প্ৰীতম কুমাৰ দাস উপস্থিত থকাৰ লগতে, কেন্দ্ৰীয় মূগা এৰী গৱেষণা ও প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালিকা ড৹ ৰঞ্জনা দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

চিমেন চাপৰিত বন্য ৰেচম কৃষি মেলা

এই অনুষ্ঠানত এৰী আৰু মুগা পালনৰ বিভিন্ন দিশ, আধুনিক প্ৰযুক্তি, গুৰুত্ব আৰু ইয়াৰ দ্বাৰা কেনেকৈ স্বাৱলম্বী হ'ব পাৰি এই সম্পৰ্কত, ৰেচম শিল্পৰ এক প্ৰণালীবদ্ধ আৰু গৱেষণামূলক আলোচনা কৰা হয় ৷ অনুষ্ঠানত ড৹ দিগন্ত মেচ আৰু ড৹ বিজয় এনয়ে লিখা "থলুৱা আৰু আধুনিক সমন্বিত প্ৰক্ৰিয়াৰে অধিক মুগা সচঁ উৎপাদন" শীৰ্ষক এখন পুস্তিকা উন্মোচন কৰাৰ লগতে, এৰী পালক বিজুলী স্বৰ্গীয়াৰী, মুগা পালক দিগন্ত কোঁৱৰ আৰু উৎকৃষ্ট সূঁতা কটা শিপিনী হিচাপে পৰিস্মৃতা গগৈক মানপত্ৰ আৰু যন্ত্ৰপাতি প্ৰদানেৰে সম্বৰ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক ঃ এজাক মৌ-মাখিৰে সংপৃক্ত মানুহজন

Intro:Body:পাঁচ শতাধিক ৰেচম খেতিয়কৰ অংশগ্ৰহণ চিমেন চাপৰিত বন্য ৰেচম কৃষি মেলা
প্ৰগতিশীল ৰেচম খেতিয়কক সম্বৰ্দ্ধনা

জোনাই, 7 ফেব্ৰুৱাৰীঃ ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় চিল্ক বৰ্ডৰ অধীনৰ কেন্দ্ৰীয় মূগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আজি ধেমাজি জিলাৰ চিমেন চাপৰিৰ বহুমুখী প্ৰেক্ষাগৃহত বন্য ৰেচম কৃষি মেলা অনুষ্ঠিত কৰা হয় ।ধীৰেন্দ্ৰ নাথৰ নেতৃত্বৰ শিল্পী দলে পৰিৱেশন কৰা সৰস্বতী বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানত আদৰণি ভাষন আগবঢ়াই কেন্দ্ৰীয় চিল্ক বৰ্ডৰ গৱেষক দ্বীপ গগৈয়ে।বন্য, ৰেচন কৃষি মেলাত উপস্থিত থাকি কেন্দ্ৰীয় মূগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালিকা ড৹ ৰঞ্জনা
দাসে কয় বিজ্ঞানসন্মত তথা উন্নত প্ৰযুক্তিৰে এৰী, মূগা পালনৰ জৰিয়তে অধিক উৎপাদন কৰি অৰ্থনৈতিকভাবে স্বাৱলম্বী হব পাৰি বুলি কৈ যোৰহাট লাহদৈগড়স্থিত কেন্দ্ৰীয় মূগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে ৰেচম শিল্পৰ
উন্নয়ন আৰু বিকাশৰ বাবে গ্ৰহণ কৰি অহা বিভিন্ন আঁচনি সম্পৰ্কে আলোচনা আগবঢ়ায়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ধেমাজি জিলাৰ সহকাৰী উপায়ুক্ত প্ৰীতম কুমাৰ দাসে কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় চিল্ক বৰ্ডৰ অধীনৰ কেন্দ্ৰীয় মূগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানে গৱেষণা কৰি বিভিন্ন সময়ত উদ্ভাৱনীমূলক কৃষি পদ্ধতি উলিয়াবলৈ সক্ষম হৈছে আৰু এনে ধৰণৰ প্ৰচেষ্টাৰ ফলস্বৰূপে এৰী, মূগা খেতিৰ কৃষকে অধিক লাভান্বিত হ'ব পাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
জোনাই মহকুমা ৰেচম বিভাগৰ অধীক্ষক বৈশিষ্ঠ চন্দ্ৰ কলিতা, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰাজেশ্বৰ পেগু, ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত গৱেষক খগেশ্বৰ দাসেও ৰেচম শিল্পৰ ওপৰত প্ৰণালীবদ্ধ আৰু গৱেষণামূলক ভাষন ৰাখি এৰী আৰু মূগা খেতি পালনৰ বিভিন্ন দিশ, গুৰুত্ব আৰু ইয়াৰ দ্বাৰা কেনেকৈ স্বাৱলম্বী হব পাৰি তাৰ সম্পৰ্কে আলোচনা আগবঢ়ায়।পাঁচ শতাধিক এৰী, মূগা পালকে অংশগ্ৰহণ কৰা অনুষ্ঠানৰ কাৰিকৰী বৈঠকত অংশগ্ৰহণ কৰি ৰেচম বিভাগৰ জেষ্ঠ গৱেষক ড৹ মহানন্দ চুতীয়াই কয় কেন্দ্ৰীয় মূগা এৰী গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ গৱেষক
সকলে নিৰৱচ্ছিন্ন গৱেষণা কৰি এৰী পলুৰ খাদ্যবৃক্ষ এৰাগছৰ বিকল্প হিচাপে বৰপাত নামৰ এবিধ উদ্ভিদৰ চিনাক্তকৰণ কৰিছে বুলি উল্লেখ কৰি বছৰৰ কেবাটাও মাহত দেখা দিয়া এৰাগছৰ অভাৱ এৰী পলুৰ সুষম খাদ্য হিচাপে
প্ৰমাণিত বৰপাত গছে পূৰণ কৰিব বুলিও গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় । ৰেচম বিভাগৰ আন এগৰাকী গৱেষক ড৹ ৰাজল দেৱনাথে কয় সাম্প্ৰতিক সময়ত ৰেচম বিভাগৰ অধিক উৎপাদনমুখী কৰি তোলাৰ লক্ষ্যৰে ন ন প্ৰযুক্তিৰ আৱিষ্কাৰ হৈছে আৰু ৰেচম খেতিয়কে
ইয়াৰ ব্যৱহাৰৰ জৰিয়তে কৃষিকৰ্মৰ পৰিসৰ বৃদ্ধি কৰি লাভদায়ক হ'ব পাৰে বুলি মন্তব্য কৰে । আজিৰ অনুষ্ঠানতে ড৹ দিগন্ত মেচ আৰু ড৹ বিজয় এনয়ে ৰচনা কৰা
"থলুৱা আৰু আধুনিক সমন্বিত প্ৰক্ৰিয়াৰে অধিক মূগা সচঁ উৎপাদন" শীৰ্ষক এখন পুস্তিকা উন্মোচন কৰা হয় । লগতে আজিৰ অনুষ্ঠানতে এৰী পালক চিমেন চাপৰি হাংমা চাপৰিৰ বিজুলী স্বৰ্গীয়াৰী, মূগা পালক ধেমাজি মাছখোৱাৰ দিগন্ত কোঁৱৰ আৰু উৎকৃষ্ট সূঁতা কটা শিপিনী হিচাপে ধেমাজি চেঙেলীপথাৰৰ পৰিস্মৃতা গগৈক মানপত্ৰ আৰু স্প্ৰে যন্ত্ৰপাতি প্ৰদানেৰে সম্বৰ্দ্ধনা জনোৱা হয় ।
কৰবী দলে, জোনাইConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.