ধেমাজি, 15 অক্টোবৰ : বিগত কেইবামাহ ধৰি চলি থকা লকডাউনে জনজীৱনত ব্য়াপকভাৱে প্ৰবাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ এই লকডাউনৰ সময়ছোৱাত বিভিন্ন জনৰ জীৱনলৈ বিপদ নমাই আনিছে যদিও বিভিন্ন জনৰ প্ৰতিভা বিকাশ কৰাত সহায় কৰিছে ৷
![গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত ধেমাজিৰ পুস্পাঞ্জলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-02-cube-pazzal-record-15oct-photu-as10021_15102020154912_1510f_1602757152_279.jpg)
এই ল’কডাউনৰ সময়তেই পুষ্পাঞ্জলি দাস নামৰ এগৰাকী যুৱতীয়ে ৩ মিনিট ২৭ চেকেণ্ডত ৫ টাকৈ কিউব পাজ’ল (Cube Puzzle) সমাধান কৰি বৰ্তমান ৩ টাকৈ ৰেক’ৰ্ড কৰিবলৈ সক্ষম হৈছে ৷
![গিনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডত ধেমাজিৰ পুস্পাঞ্জলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-02-cube-pazzal-record-15oct-photu-as10021_15102020154912_1510f_1602757152_339.jpg)
অসম বুক অৱ ৰেক'ৰ্ড, ইণ্ডিয়ান বুক অৱ ৰেক'ৰ্ড আৰু ব্ৰেভ' ইন্টাৰনেচনেল ৱৰ্ল্ড ৰেক'ৰ্ডত পূৰ্বৰ ৰেক'ৰ্ড ভংগ কৰি নতুন ৰেক'ৰ্ড গঢ়া পুস্পাঞ্জলিয়ে ইতিমধ্যে তিনিওটা ৰেক'ৰ্ডৰে স্বীকৃতিপত্ৰ লাভ কৰিছে ৷ সম্প্ৰতি পুস্পাঞ্জলিয়ে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেক'ৰ্ড কৰাৰ মন মেলিছে ৷
লগতে পঢ়ক : অসম-মিজোৰাম প্ৰশাসনৰ বৈঠক