ETV Bharat / state

ধেমাজিৰ দীপকৰ অক্লান্ত প্ৰয়াস

মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ পাচতেই কান্ধ পাতি লৈছিল পৰিয়ালৰ দায়িত্ব

DEEPAK
author img

By

Published : Feb 5, 2019, 3:15 PM IST

ধেমাজি,৫ ফেব্ৰুৱাৰী : তাঁতশালকে উপজীব্য হিচাপে লৈ স্বাৱলম্বী হোৱা এজন যুৱক । দ্ৰৰিদ্ৰতাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচতেই কান্ধ পাতি ল'বলগীয়া হৈছিল পৰিয়ালৰ গধুৰ দায়িত্ব । এতিয়া যুৱকজনৰ দ্বাৰা উৎপাদিত সামগ্ৰী ৰপ্তানি হয় বহিঃৰাজ্যলৈ ।

DEEPAK
undefined

উদ্যমী যুৱকজন হৈছে ধেমাজিৰ কাইটং ফুকন গাৱৰ দীপ কুমাৰ ফুকন । প্ৰথমে আনৰ পৰা আধিলৈ তাঁত বৈ মূলধন সংগ্ৰহ কৰা যুৱকজনে বৰ্তমান নিজৰ ঘৰতেই বাঁহেৰে নিৰ্মাণ কৰি লৈছে পাঁচ খন মাটি তাঁত শাল । সৰুৰে পৰা তাঁতশালৰ প্ৰতি থকা দুৰ্বলতাৰে দীপকে নিৰ্মাণ কৰিলে স্বাৱলম্বীতাৰ পথ । দীপকৰ তাঁতশালৰ মুগা আৰু টচৰ চাদৰ -মেখেলা ,অৰুণাচলৰ জনগোষ্ঠীয় গালে চোলা ,চুৰুণা আদি বিক্ৰীৰ বাবে ৰপ্তানি হয় গুৱাহাটী আৰু অৰুণাচললৈ ।দীপকৰ কামত ছাঁৰ দৰে থাকি সহযোগ আগবঢ়াই আহিছে তেওঁৰ পত্নী আৰু বৌয়েকে । যুৱকজনৰ এনে অক্লান্ত প্ৰয়াসক লৈ সন্তুষ্টি প্ৰকাশ কৰি প্ৰশংসা কৰিছে চুবুৰীয়ায়ো ।

আজিকোপটি ৰজাঘৰীয়াৰ সুদৃষ্টি নপৰা স্বাৱলম্বী দীপকৰ পৰিকল্পনা ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগৰ লগতে ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি তোলাৰ ।ৰোজগাৰ বিচাৰি একাংশ শিক্ষিত নিবনুৱাই বহিঃ ৰাজ্য লৈ ঢাপলি মেলাৰ সময়তে ঘৰতে চৰকাৰী সংস্থাপনৰ আশাত দিন অতিবাহিত নকৰি উৰুখাৰ পজাত আনৰ আধি তাঁত বৈ বস্ত্ৰ উৎপাদনেৰে স্বাৱলম্বী হোৱা দীপকৰ কৰ্মৰাজি নিঃসন্দেহে প্ৰশংসনীয় ।

Intro:সোতৰ বিপৰীতে ,‍ উৰুখাৰ পজাত আনৰ আধি তাত বৈ বস্ত্ৰ উৎপাদনেৰে স্বাৱলম্বী হোৱাএগৰাকী যুৱ শিপিনী সন্দৰ্ভত আমাৰ এই প্ৰতিবেদন :

Body: সোতৰ বিপৰীতে একমাত্র তাতশালকে উপজীৱ্য হিচাপে লৈ স্বাৱলম্বী হৈ পৰিছে এজন যুৱক । ঘৰৰ ভিতৰত দিনে ৰাতিয়ে কেৱল মাকোৰ খিটখিটনি । মহুৰা আৰু যতৰৰ শব্দ । প্ৰথমে আনৰ পৰা আধিলৈ তাত বৈ মূলধন সংগ্ৰহ কৰা যুৱকজনে বতমান নিজৰ ঘৰতেই অত্যাধুনিক তাতশালৰ বিপৰীতে কম খৰচত বাহেৰে নিমান কৰি লৈছে পাচ খন মাটি তাত শাল । এটা সুকীয়া ঘৰৰ পৰিবতে একেটা ঘৰতেই থকা ,, খোৱা তাতশাল সকলো ব্যৱস্থা । হয় , এই উদ্যমী যুৱকজনে হৈছে ধেমাজিৰ কাইটং ফুকন গাৱৰ দীপ কুমাৰ ফুকন । পৰিয়াল টোক দৰিদ্ৰতা ই কোঙা কৰাৰ পৰিপ্ৰেক্ষিতত মেট্ৰিকত উত্তীৰ্ণ হোৱাৰ পিছতেই কান্ধ পাতি লবলগীয়া হয় পৰিয়াল ৰ গধুৰ দায়িত্ব । সেয়ে সৰুৰে পৰা তাতশালৰ প্ৰতি থকা দুবলতাই দীপকক লৈ গল এখন বিশেষ জগতলৈ । ইতিমধ্যে দীপকৰ তাতশালত মুগা ,টচ ,,চাদৰ ,,মেখেলা ,,অৰুণাচলৰ জনগোষ্ঠীয় গালে ,,আদি চোলা ,, চুৰুণা আদি উৎপাদন কৰি সুদুৰ গুৱাহাটী আৰু অৰুণাচললৈ ও বিক্ৰী বাবে ৰপ্তানি কৰিছে । ৰজাঘৰীয়া ৰ সুদৃষ্টি নপৰা ভৱিষ্যতে এটা ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগ আৰু এখন ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি তোলাৰ পৰিকল্পনা । ইপিন শিক্ষিত নিবনুৱা সকললৈ আহ্বান আতৰলৈ নগৈ ইচ্ছা থাকিলে ঘৰতেই সংস্হাপনৰ বাট মুকলি কৰিব পাৰে byte.. দিপকৰ এই কামত গা ছা দৰে থাকি সহযোগ আগবঢ়াই আহিছে তেওঁৰ পত্নী আৰু বৌয়েকে byte... ইপিনে যুৱকজনৰ এনে অক্লান্ত প্ৰয়াস ক লৈ সন্তুষ্টি প্ৰকাশ কৰি প্ৰশংসা কৰিছে চুবুৰীয়া ইয়ো byte..

Conclusion: হয়, যি সময়ত ৰোজগাৰ বিচাৰি একাংশ শিক্ষিত নিবনুৱা ই বহি ৰাজ্য লৈ ঢাপলি মেলিছে অথবা একাংশ ই ঘৰতে চৰকাৰী সংস্হাপনৰ আশা ত দিন অতিবাহিত কৰিছে তেনে সময়ত দীপকৰ কমৰাজি নিসন্দেহে প্ৰশংসনীয় । Pradunya Bharali , Dhemaji, Assam,.5/2/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.