ETV Bharat / state

NHPC Big Dam Impact : বৃহৎ নদীবান্ধৰ বিভীষিকাৰ প্ৰসংগত 1950ৰ কথা সুঁৱৰিলে জ্যেষ্ঠ সাংবাদিকে - protest against nhpc dam

১৯৫০ চনত ৰাজ্যত হোৱা বৰভূইকঁপৰ পাচতো হৈছিল আজিৰ দৰে পৰিস্থিতি ৷ নামনি গোগামুখ অঞ্চলত সৃষ্টি হৈছিল বিভীষিকা ৷ বৃহৎ নদীবান্ধে সোৱণশিৰিৰ বক্ষ শুকুৱাৰ পিছত অতীতৰ বিভীষিকালৈ মনত পেলালে জ্যেষ্ঠ সাংবাদিকে ৷

NHPC Big Dam Impact
জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেন্সনাৰ উমেশ চেতিয়াই
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 6:11 PM IST

Updated : Oct 30, 2023, 9:08 PM IST

জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেন্সনাৰ উমেশ চেতিয়াই

ধেমাজি, 30 অক্টোবৰ : সোণৰ নদীত মৃত্যুৰ কিৰিলি ৷ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য ,আপুৰুগীয়া জৈৱ বৈচিত্যৰ ভঁৰালেৰে গঢ় লৈ উঠা সোৱণশিৰি উপত্যকাৰ জীৱকুলৰ বাবে তীব্ৰ ভাবুকি হৈ পৰিছে গেৰুকামুখৰ নামনি সোৱণশিৰি নদী বান্ধটো ৷

উল্লেখ্য যে ভৰ বাৰিষা সোৱণশিৰি নদীৰে ১২০২৪ কিউমেক পৰিমাণৰ পানী বৈ যায় । উক্ত নদীখনৰ বুকুতে ২০০২ চনত ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰণালয়ে ২০০০ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে NHPC ক জলবোমাসদৃশ এই বৃহৎ নদীবান্ধ নিৰ্মাণৰ বাবে অনুমোদন দিছিল আৰু 2005 চনৰ পৰা গেৰুকামুখত ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন ১১৬ মিটাৰ উচ্চতাৰ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিছিল NHPC কৰ্তৃপক্ষই ৷

প্ৰকল্পটোৱে ভৱিষ্যতে অমানিশা কঢ়িওৱাৰ সম্ভাৱনা স্পষ্ট হোৱাৰ পাচতে ৰাজ্যৰ দল-সংগঠনসমূহে আৰম্ভ কৰা ধৰাবাহিক প্ৰতিবাদকো আওকান কৰি নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি বিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা সময়তে পুনৰ বান্ধটোত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৷ সেয়ে পুনৰ NHPCৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে দল-সংগঠন ৷ আৰম্ভ হৈছে প্ৰতিবাদ-প্ৰতিক্ৰিয়া ৷ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধেমাজিৰ জ্যেষ্ঠ সাংবাদিক তথা সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়াই ৷

উল্লেখ্য যে, ১৯৫০ চনত ৰাজ্যত হোৱা বৰভূইকঁপৰ ফলত সোৱণশিৰিৰ তলি ওপৰলৈ উঠি আহি গোগামুখৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন কৰাৰ পাচত পাহাৰ খহি সোৱণশিৰি নদীখন আৱদ্ধ হৈ পৰাত এতিয়াৰ দৰেই নামনি অংশ শুকাই গৈছিল ৷ হঠাৎ পাহাৰ ভাঙি পৰাৰ ফলত আৱদ্ধ পানীয়ে নিমিষতে নামনি গোগামুখ অঞ্চলত কিদৰে বিভীষিকাৰ সৃষ্টি কৰিছিল সেই ভয়াবহতাৰ বিষয়ে বৰ্ণনা কৰিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে ৷ সেয়ে চৰকাৰক অসম-অৰুণাচল থুনুকা পাহাৰত নিৰ্মাণ কৰা এই জলবোমা বন্ধ কৰা বাবে আহবান জনালে ধেমাজিৰ সাহিত্যতিক পেঞ্চনাৰ তথা জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়াই ৷

লগতে পঢ়ক : NHPC impact : সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ভাঙি পেলোৱাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ পত্ৰ সাংসদ অজিত কুমাৰ ভূঞাৰ

Last Updated : Oct 30, 2023, 9:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.