ETV Bharat / state

চিচি নৈৰ গৰাখহনীয়াত শংকিত ধেমাজিবাসী - EMBANKMENT EROSION

এফালে লক্ ডাউন আনফালে গৰাখহনীয়াই শংকিত কৰি তুলিছে ধেমাজি বাসীক ৷ প্ৰতিবছৰে খহনীয়াই অঞ্চলটোলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ পিচতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধান বিচাৰিছে অঞ্চলবাসীয়ে ৷

demaji errosion
চিচি নৈৰ গৰাখহনীয়াত শংকিত ধেমাজিবাসী
author img

By

Published : May 10, 2020, 12:13 PM IST

ধেমাজি, 10 মে' : COVID-19 ৰ সমান্তৰালভাবে ৰাজ্যত অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ ৷ ধেমাজি জিলাৰ চিচিমুখ আৰু নামনি চিচি টঙানী বাসীলৈ ভাবুকি কঢ়িয়াই আনিছে বহ্মপুত্ৰৰ সূঁতি চিচি নৈয়ে । চিচিমুখৰ পৰা বহ্মপুত্ৰৰ টেকেলি ফুটা ঘাটলৈক প্ৰায় ডেৰ কি:মি: অঞ্চল খহনীয়াৰ কবলত পৰিছে । নদীৰ বুকুত জাহ গৈছে 2 কি:মি: অংশ বিস্তীৰ্ণ অঞ্চল ।

কিন্তু প্ৰতিবছৰে অঞ্চলটোলৈ খহনীয়াই তাণ্ডৱ চলাই অহাৰ পিচতো আজিকোপতি সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৷

চিচি নৈৰ গৰাখহনীয়াত শংকিত ধেমাজিবাসী

স্থানীয় ৰাইজে জনোৱা অনুসৰি, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা কিছু প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এই সমস্যা সমাধান হোৱা নাই । সেয়ে গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ চৰকাৰক অঞ্চলবাসীয়ে দাবী জনাইছে ৷

লগতে পঢ়ক : COVID-19 : প্ৰতিখন জিলাত কেনেকৈ চলিছে সজাগতা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.