ধেমাজি, 5 ছেপ্টেম্বৰ : আজি পবিত্ৰ শিক্ষক দিৱস ৷ বিদ্যালয়ত শিক্ষকতা কৰি জ্ঞানৰ জেউতি বিলোৱা একাংশ শিক্ষকে অৱসৰগ্ৰহণ কৰাৰ পিচতো সমাজৰ হিতৰ হকে ভাবিবলৈ এৰা নাই ৷ আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ কথাও চিন্তা কৰে একাংশ শিক্ষকে ৷ তাৰে এক উৎকৃষ্ট নিদৰ্শন হৈছে ধেমাজি ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ পৰা বিগত বছৰত অৱসৰগ্ৰহণ কৰা বিনা সন্দিকৈ নামৰ শিক্ষয়িত্ৰীগৰাকী ৷
সম্প্ৰতি শিক্ষয়িত্ৰীগৰাকীয়ে অৱসৰ লোৱা পিচতে আৰ্থিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলৰ অভিভাৱক বা আন যিকোনো লোকক আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ উদ্দেশ্য ঘৰতে আৰম্ভ কৰিছে আধুনিক তাঁতশালেৰে ক্ষুদ্ৰ বয়ন শিল্প উদ্যোগ ৷ য’ত বিনামূলীয়াকৈ প্ৰশিক্ষণ লৈ নিজ ঘৰত অথবা শিক্ষয়িত্ৰীগৰাকীৰ তাঁতশালত কাপোৰ প্ৰস্তুত কৰি স্বাৱলম্বী হ’ব পাৰিব ৷
ইতিমধ্যে সাতখন আধুনিক তাঁতশালত বিভিন্ন কাপোৰ তৈয়াৰ কৰিছে শিক্ষয়িত্ৰী বিনা সন্দিকৈয়ে ৷ লগতে স্থানীয় বহুকেইগৰাকী মহিলা আৰু যুৱকে বিনামূলীয়াকৈ তাঁতশালত প্ৰশিক্ষণ লৈছে । আগন্তুক সময়ত আৰু অধিক মহিলাই এই কৰ্মৰ লগত নিয়োজিত হৈ স্বাৱলম্বী হ’ব পাৰিব বুলি বুলি আশা প্ৰকাশ কৰিছে শিক্ষয়িত্ৰী সন্দিকৈয়ে ৷
উল্লেখ্য যে, ২০১৬ চনত অসমৰ চৰকাৰৰ শিক্ষা বিভাগে শিক্ষয়িত্ৰীগৰাকীক প্ৰদান কৰিছিল ৰাজ্যিক কৃতী শিক্ষয়িত্ৰী বঁটা ৷ লগতে বিভিন্ন সময়ত নিজৰ গাঁঠিৰ ধন খৰচ কৰি সমাজৰ নিঃস্বজনক সহায় কৰি আহিছে তেওঁ । ইয়াৰ উপৰিও মাজে সময়ে তেঁও দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকলক বহী, কলম, কিতাপ আৰু ইউনিফৰ্ম যোগান ধৰি আহিছে ৷
এনে ক্ষেত্ৰত শিক্ষক দিৱসৰ দিনটোত এইগৰাকী মানৱ দৰদী শিক্ষয়িত্ৰীৰ কৰ্ম আৰু তেওঁৰ ইতিবাচক চিন্তা নিঃসন্দেহে শিক্ষক সমাজৰ বাবে এক ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে ৷
লগতে পঢ়ক : Morigaon Youth Weaver : তাঁতশালত সপোন ৰচিছে যুৱ তাঁতী ৰঞ্জিত মেধিয়ে