ETV Bharat / state

Dhemaji Rape case : মহিলাক শ্লীলতা হানিৰ অভিযোগত আটক বাহাদুৰক - Attempted sexual assault woman

সোমবাৰে পুৱা অৰুণাচলৰ পাপুনলাৰ পৰা আটক কৰা হয় শ্লীলতা হানিৰ অভিযোগত অভিযুক্ত বাহাদুৰ দাস (Dhemaji Rape case) ৷ এগৰাকী বিশেষভাৱে সক্ষম মহিলাক ধৰ্ষণ কৰি অৰুণাচলৰ পাপুনলাত আশ্ৰয় গ্ৰহণ কৰি আছিল ধেমাজিৰ ধৃত বাহাদুৰ দাস ৷

Dhemaji Rape accused arrested in Arunachal
বিশেষভাৱে সক্ষম মহিলাক শ্লীলতা হানি চেষ্টা
author img

By

Published : Apr 3, 2023, 9:54 PM IST

বিশেষভাৱে সক্ষম মহিলাক শ্লীলতা হানি চেষ্টা

ধেমাজি, 3 এপ্ৰিল : অৱশেষত সোমবাৰে ধেমাজি আৰক্ষীৰ জালত পৰিল এগৰাকী বিশেষভাৱে সক্ষম মহিলাক শ্লীলতা হানি চেষ্টা কৰাৰ অভিযোগত অভিযুক্ত পঞ্চায়তৰ ৱাৰ্ড সদস্যাৰ স্বামী ৷ নাম বাহাদুৰ দাস ৷ সোমবাৰে অৰুণাচলৰ পাপুনলাৰ পৰা আটক কৰা হয় অভিযুক্ত বাহাদুৰক (Dhemaji Rape accused arrested in Arunachal) ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ধেমাজি সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে ৷

ধেমাজি সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, 11 মাৰ্চৰ দিনা ধেমাজিৰ এৰাধল গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰৰ স্বামী বাহাদুৰ দাসে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ নথি প্ৰত্ৰ বিচাৰি ভুক্তভোগী বিশেষভাৱে সক্ষম মহিলাগাৰাকীক মাতি পঠিয়াই ৷ তাৰ পাচতে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অভিযুক্ত বাহাদুৰে বিশেষভাৱে সক্ষম মহিলাগাৰাকীক শ্লীলতা হানিৰ চেষ্টা কৰে (Attempted sexual assault to Specially abled woman) ৷ তাৰ পাচতে উক্ত স্থানৰ পৰা পলায়ন কৰে ধৃত বাহাদুৰ দাস ৷

লগতে পঢ়ক : Jorhat police attack case: পুলিবৰ আৰক্ষীক আক্ৰমণত জড়িত এটা দুৰ্বৃত্তক আটক

ইফালে এই ঘটনা সংক্ৰান্তত ভুক্তভোগী বিশেষভাৱে সক্ষম মহিলাগাৰাকীৰ পৰিয়ালৰ লোকে ধেমাজি সদৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ আৰক্ষীয়েও এই এজাহাৰৰ ভিত্তিত ধেমাজি সদৰ আৰক্ষীয়ে 376 নং ধাৰাত এক গোচৰ পঞ্জীয়ন কৰে ৷ তাৰ পাচতে আৰক্ষীয়ে অভিযুক্ত বাহাদুৰ দাসক বিচাৰি চলাই অভিযান ৷ ইফালে এই ঘটনা সংঘটিত কৰিয়েই বাহাদুৰ দাসে আশ্ৰয় লয় অৰুণাচলৰ পাপুনলাত ৷

অৱশ্যে অৰুণাচলৰ পাপুনলা আৰক্ষীৰ সহযোগত সোমবাৰে পুৱাই ধেমাজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ধৃত বাহাদুৰ দাসক (Dhemaji Rape case) ৷ ইতিমধ্যে অভিযুক্তটোক ধেমাজি আৰক্ষীয়ে আটক কৰিছে যদিও ভুক্তভোগী পৰিয়ালটোৱে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী তুলিছে ৷

লগতে পঢ়ক : Fake gold boat seized : দুই অভিযুক্তসহ মহানগৰীত জব্দ ৬ খন নকল সোণৰ নাও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.