ধেমাজি,৩ জুলাই : অসমৰ লোকসংস্কৃতিৰ অন্যতম উপাদান হৈছে পুতলা নাচ। এই পুতলা নাচক সমাজত এক অন্য ৰূপ দিবলৈ থিয়েটাৰ মাধ্যমেৰে মঞ্চস্থ কৰি আহিছে ধেমাজি জিলাৰ নিলখপুৰ চাৰিআলিৰ এজন শিল্পীয়ে। শিল্পীজনৰ নাম যাদৱ ভৰালী। ত্ৰিনয়ন আত্ম সহায়ক গোটৰ সৌজন্যত প্ৰযোজক হিচাপে ২০০৫ চনৰ পৰা জিলাখনৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তত শিল্পীগৰাকীয়ে মঞ্চস্থ কৰি আহিছে এই পুতলা নাচ থিয়েটাৰ । আৰ্থিক দুৰ্বলতাক নেওচি শিল্পীগৰাকীয়ে এই মনোৰঞ্জনধৰ্মী কলাবিধ আগবঢ়াই নিছে। দিন মজুৰি আৰু খৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া ভৰালীয়ে বিপৰ্যয়ৰ মাজতো কলাবিধক সমাজত জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টাত দিনে-নিশাই শ্ৰম কৰি আহিছে। কিন্তু শিল্পীগৰাকীৰ বৰ্তমান আৰ্থিক অৱস্থা অতি দুৰ্বল। উন্নত প্ৰযুক্তি আৰু কলা কৌশলৰ অভাৱত বৰ্তমান কলাবিধক লৈ চিন্তিত হৈ পৰিছে শিল্পীগৰাকী। ইফালে,অৰ্থৰ অভাৱৰ বাবে পুতলাসমূহ ৫ ফুট উচ্চতাৰে নিৰ্মাণ কৰাৰ পৰিকল্পনা লৈছে শিল্পিগৰাকীয়ে। ইতিমধ্যেই ২০১৯-২০বৰ্ষৰ বাবে সাজু হৈ উঠা শিল্পীগৰাকীয়ে বুধবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত নিজৰ কলাবিধক লৈ আৱেগিক হৈ উঠিল।
আৱেগিক হৈ পৰিল শিল্পী যাদৱ ভৰালী - যাদৱ ভৰালী
অসমৰ লোকসংস্কৃতিৰ অন্যতম উপাদান পুতলা নাচক সমাজত জীয়াই ৰখাৰ বাবে থিয়েটাৰ আকাৰত মঞ্চস্থ কৰি আহিছে ধেমাজি জিলাৰ নিলখপুৰ চাৰিআলিৰ যাদৱ ভৰালী নামৰ শিল্পীজনে। আৰ্থিক দুৰৱস্থাকো নেওচি শিল্পীগৰাকীয়ে এই কলাবিধক জীয়াই ৰখাৰ চেষ্টা কৰি আহিছে ৷
ধেমাজি,৩ জুলাই : অসমৰ লোকসংস্কৃতিৰ অন্যতম উপাদান হৈছে পুতলা নাচ। এই পুতলা নাচক সমাজত এক অন্য ৰূপ দিবলৈ থিয়েটাৰ মাধ্যমেৰে মঞ্চস্থ কৰি আহিছে ধেমাজি জিলাৰ নিলখপুৰ চাৰিআলিৰ এজন শিল্পীয়ে। শিল্পীজনৰ নাম যাদৱ ভৰালী। ত্ৰিনয়ন আত্ম সহায়ক গোটৰ সৌজন্যত প্ৰযোজক হিচাপে ২০০৫ চনৰ পৰা জিলাখনৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তত শিল্পীগৰাকীয়ে মঞ্চস্থ কৰি আহিছে এই পুতলা নাচ থিয়েটাৰ । আৰ্থিক দুৰ্বলতাক নেওচি শিল্পীগৰাকীয়ে এই মনোৰঞ্জনধৰ্মী কলাবিধ আগবঢ়াই নিছে। দিন মজুৰি আৰু খৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া ভৰালীয়ে বিপৰ্যয়ৰ মাজতো কলাবিধক সমাজত জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টাত দিনে-নিশাই শ্ৰম কৰি আহিছে। কিন্তু শিল্পীগৰাকীৰ বৰ্তমান আৰ্থিক অৱস্থা অতি দুৰ্বল। উন্নত প্ৰযুক্তি আৰু কলা কৌশলৰ অভাৱত বৰ্তমান কলাবিধক লৈ চিন্তিত হৈ পৰিছে শিল্পীগৰাকী। ইফালে,অৰ্থৰ অভাৱৰ বাবে পুতলাসমূহ ৫ ফুট উচ্চতাৰে নিৰ্মাণ কৰাৰ পৰিকল্পনা লৈছে শিল্পিগৰাকীয়ে। ইতিমধ্যেই ২০১৯-২০বৰ্ষৰ বাবে সাজু হৈ উঠা শিল্পীগৰাকীয়ে বুধবাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত নিজৰ কলাবিধক লৈ আৱেগিক হৈ উঠিল।
Body:ধেমাজি 3 জুলাই : , অসমৰ লোকসংস্কৃতিৰ অন্যতম উপাদান হৈছে পুতলা নাচ । এই আৰ্কষনীয় লোক কলা বিধকে থিয়েটাৰ মাধ্যমেৰে মঞ্চস্হ কৰি আহিছে ধেমাজিৰ আওহতীয়া অঞ্চলৰ এজন লোক শিল্পী সাধকে । ধেমাজি জিলাৰ নিলখ পুৰ চাৰিআলিৰ বাসিন্দা যাদৱ ভৰালী নামৰ লোকজনৰ আপ্ৰান চেষ্টাত প্ৰান পাই আহিছে এই মনোৰঞ্জনধৰ্মী কলাবিধ । লোকজনৰ বাসগৃহত সযতনে ৰখা হৈছে বিভিন্ন চৰিত্ৰৰ জীৱন্ত ৰূপ দিয়া পুতলাসমূহ । পিছে অতি পৰিতাপৰ বিষয় যে পুতলা নাচ থিয়েটাৰ প্ৰয়োজকৰ জৰাজীৰ্ণ বাসগৃহ প্ৰত্যক্ষ কৰিলে আপোনাৰো দুচকু সেমেকি উঠিব । অন্যান্য চৰকাৰী সাহাৰ্য দূৰৰে কথা আজিকোপতি পোৱা নাই চৰকাৰী এটি আৱাস গৃহ ও । দিন মজুৰি আৰু খৰি বিক্ৰী কৰি পৰিয়াল পোহ পাল দিয়া ভৰালীয়ে বিপৰ্যয়ৰ মাজতো থমকি ৰোৱা নাই । লোক সংস্কৃতি ক জীয়াই ৰখাৰ আপ্ৰান চেষ্টাত দিনে - নিশায়ে শ্ৰম কৰি আহিছে । এইক্ষেত্ৰত লোকজনে জনোৱা মতে ত্ৰিনয়ন আত্ম সহায়ক গোটৰ সৌজন্যত প্ৰয়োজক হিচাপে ২০০৫ চনৰ পৰা জিলাখনৰ উপৰিও ৰাজ্যৰ ভিন্ন প্ৰান্তত মঞ্চস্হ কৰি আহিছে পুতলা নাচ থিয়েটাৰ ।লাভ কৰিছে দৰ্শক ৰাইজৰ বিপুল সহাৰি । পিছে উন্নত প্ৰযুক্তি আৰু কলা কৌশলৰ অভাৱত বৰ্তমান তীব্ৰ প্ৰত্যাহ্বান সন্মুখীন হবলগীয়া হৈছে । সেয়ে পূবৰ তুলনাত পুতলাসমূহ ৫ ফুট উচ্চতাৰ নিৰ্মান কৰাৰ পৰিকল্পনা লৈছে । ইতিমধ্যে ২০ ১৯ -২০ বৰ্ষৰ বাবে সাজু হৈছে । কিন্তু অৰ্থৰ সমস্যাই সেঙাৰ হৈ থিয় দিছে ।নিজৰ দখ লুকুৱাই সদায় আনক আনন্দ দিবলৈ চেষ্টা কৰে ভৰালীয়ে ।
byte...1..2..3..Jadov Bharali
ইপিনে লোকজনৰ কামত দিনে নিশায়ে পুতলাসমূহ কাপোৰ চিলাই দিয়াকে দৰি আনুসংগিক কামত সহায় কৰি আহিছে । কেৱল ধনৰ অভাৱৰ বাবে বতৰৰ খেতি সামৰিহে এনে কামত হাত দিবলৈ পৰামৰ্শ দিছে পতিক এইদৰে ই টিভিৰ ভাৰতৰ সাংবাদিকৰ আগত আৱেগিক হৈ কলে
byte..3 wife
Conclusion:হয় , পুতলা নাচ থিয়েটাৰ বিভিন্ন নাটকৰ জৰিয়তে সমাদৃত হোৱা , নিজে দুখত থাকিও সদায় আনক হহুৱালৈ চেষ্টা কৰা আৰু লোক সংস্কৃতিৰ অন্যতম উপাদান এসময়ৰ জনপ্ৰিয় পুতলা নাচ আৰু বৰ্তমানৰ থিয়েটাৰ ৰূপ দি জীয়াই ৰাখিব চেষ্টা অব্যাহত ৰখা এইগৰাকী শিল্পীক ৰজাঘৰীয়াই সুদৃষ্টি দিলে উৎসাহিত হব শিল্পীগৰাকী ।বিপন্ন এই লোককলাক জীয়াই ৰখাৰ বাবে চৰকাৰৰ সংশ্লিষ্ট বিভাগেও পদক্ষেপ গ্ৰহণ কৰা উচিত ।
Pradunya Bharali , Dhemaji , Assam ,3/7/2019