ETV Bharat / state

Illegal Cattle Smuggling : ধেমাজিত গৰুসহ পাঁচজন চোৰাং সৰবৰাহকাৰী আটক - ধেমাজিত পশুধনৰ চোৰাং সৰবৰাহ

ৰাজ্যত সক্ৰিয় হৈ আছে গৰুৰ চিণ্ডিকেট চক্ৰ (Illegal Cattle Smuggling) । যাৰ বাবে চক্ৰটোক উৎখাত কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ তাৰ মাজতেই ধেমাজিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে দুখনকৈ গৰু ভৰ্তি ট্ৰাক ৷ লগতে পাঁচজন গৰুৰ চোৰাং সৰবৰাহকাৰীক আটক কৰা হয় (Cattle smuggler arrest in Dhemaji ) ৷

dhemaji-police-seized-trucks-carrying-cattle
ধেমাজিত চোৰাং গৰুসহ এজন সৰবৰাহকাৰী আটক
author img

By

Published : Mar 7, 2022, 9:45 PM IST

ধেমাজি, 7 মাৰ্চ : ৰাজ্যত পশুধনৰ চোৰাং সৰবৰাহ (Cattle smuggling in Assam) অব্যাহত থকা বিষয়টো সম্প্ৰতি নতুন নহয় ৷ আৰক্ষীয়ে যিমানে এই অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে , সিমানে এই ব্যৱসায়ত জড়িত অসাধু লোকসকলে প্ৰতিদিনে কৌশল সলনি কৰি আহিছে ৷ সেয়েহে আৰক্ষীয়েও এই লৈ অধিক সতৰ্কতাৰে অভিযান চলাই জব্দ কৰি আহিছে চোৰাংকৈ অনা পশুধনসমূহ (Illegal Cattle Smuggling) ৷

ধেমাজিত চোৰাং গৰুসহ এজন সৰবৰাহকাৰী আটক

ইয়াৰমাজতে, সোমবাৰে ধেমাজিত আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই AS-01LC7970 আৰু MN-0303176 নম্বৰৰ দুখনকৈ গৰুভৰ্ত্তি ট্ৰাক জব্দ কৰা (Dhemaji police seized trucks carrying cattle) ৰ লগতে পাঁচজনকৈ সৰবৰাহকাৰীক আটক কৰিছে (Cattle smuggler arrest in Dhemaji ) ৷ এই সৰবৰাহকাৰীকেইজন ক্ৰমে, আবুল কালাম(37), আমিৰ উদ্দিন (26), ৰফিকুল আলি (20), চফিকুল ইছলাম (32) আৰু এম, ডি, চালামত(50) বুলি ধেমাজিৰ অতিৰিক্তি আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকাই সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

এই জব্দকৃত ট্ৰাক দুখনেৰে ধেমাজি জিলাৰ গেলুৱা আৰু চিমেনচাপৰি অঞ্চলৰ পৰা চোৰাংকৈ গৰু গুৱাহাটী-মেঘালয় হৈ বাংলাদেশলৈ নিয়াৰ উদ্দেশ্যৰে সৰবৰাহ কৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী বিষয়াজনে ৷ ইতিমধ্যে জব্দকৃত গৰু ভৰ্তি ট্ৰাক দুখন ধেমাজি আৰক্ষী থানালৈ অনা হৈছে বুলিও জানিব৷ লগতে এই গৰু চোৰাং সৰবৰাহ তথা ব্যৱসায়ৰ লগত জড়িত ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীয়ে আইনগত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

লগতে পঢ়ক : Majuli by election: দিনৰ 1 বজালৈ মাজুলীত সম্পন্ন 47.70 শতাংশ ভোটদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.