ETV Bharat / state

Dhemaji Police in debt: 60 লাখ টকা বাকী কৰি তেল ডিপো দেউলীয়া কৰিলে ধেমাজি আৰক্ষীয়ে - dhemaji police have to repay a debt of rs 60 lakh

অনিদিষ্ট কাললৈ তলা ওলমিল এটা পেট্ৰ’ল ডিপোত (Petrol pump locked in Dhemaji) ৷ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে ধন পৰিশোধ নকৰাৰ অভিযোগ কৰ্তৃপক্ষৰ ৷

Dhemaji Police in debt
Dhemaji Police in debt
author img

By

Published : Nov 9, 2022, 9:41 PM IST

ধেমাজি, 9 নৱেম্বৰ: অৱশেষত ধনৰ অভাৱত অচল হৈ পৰা ধেমাজি সদৰৰ মহাবক্স পেট্ৰ’ল ডিপোৰ কৰ্তৃপই নিজে বন্ধ কৰিবলৈ বাধ্য হ’ল তেল ডিপোটো (Petrol pump locked in Dhemaji) ৷ আৰক্ষী প্ৰশাসনে তেল ডিপোক অনাদায়ী ধন পৰিশোধ নকৰাৰ বাবেই ধেমাজি সদৰত বন্ধ হৈ পৰে অতি পুৰণি এই তেলৰ ডিপোটো (Dhemaji police not repay fuel bill) ৷ ডিপোৰ কৰ্তৃপক্ষই অভিযোগ কৰা মতে ধেমাজি সদৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে ধেমাজি চাৰিআলিস্থিত মহাবক্স মালচন্দ নামৰ ইণ্ডিয়ান অইলৰ ডিপোক পৰিশোধ কৰিবলৈ আছে প্ৰায় ষাঠি লক্ষাধিক টকা ।

এইক্ষেত্ৰত আৰক্ষী অধীক্ষকলৈ জনোৱা আৱেদনত উল্লেখ কৰা মতে, আৰক্ষী বিভাগে পৰিবহনৰ ব্যয় কৰা ধনৰাশি অনাদায় হৈ আছে (Dhemaji Police in debt) ৷ 2019 বৰ্ষত লোকসভা নিৰ্বাচনত 9,47,551 টকাৰ তেল ডিপোটোৰ পৰা ক্ৰয় কৰিছিল ধেমাজি আৰক্ষীয়ে ৷ একেদৰে 2021ৰ বিধানসভা নিৰ্বাচনত 14,12,053 টকা, 2017 চনৰ বিধানসভা উপনিৰ্বাচনত 4,21,000 টকাৰ আৰু সাধাৰণভাৱে 2022 চনৰ জুন মাহৰ পৰা অক্টোবৰ মাহলৈ 32,09,058 টকা ৷

Dhemaji Police in debt
60 লাখ টকা বাকী কৰি তেল ডিপো দেউলীয়া কৰিলে ধেমাজি আৰক্ষীয়ে

মুঠ 59,89,662.00 অনাদায় ধনৰাশি বিচাৰি ডিপোৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ক বাৰম্বাৰ আবেদন কৰা হৈছিল ৷ কিন্তু আজিকোপতি নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট সময়ত আৰক্ষী বিভাগে পৰিশোধ নকৰিলে তেল ডিপোক ফুটাকড়ি এটাও ৷ বৰঞ্চ শেহতীয়াকৈ ডিপোটোৰ সন্মুখতে আৰক্ষী যোৱা তিনিদিন ধৰি হেলমেট পৰিধান নকৰা লোকসকলক জৰিমনা বিহাৰ দৰে কাৰ্য অব্যাহত ৰাখিছে ৰহস্যজনকভাৱে ৷

ডিপোলৈ তেল ক্ৰয় কৰিবৰ বাবে অহা বাহন সমূহ আতঁৰাই পঠিয়ায় চেকিঙত থকা নিৰাপত্তাৰক্ষী সকলে ৷ ফলস্বৰূপে যোৱা তিনিদিনে গ্ৰাহক নহাৰ ফলত আৰ্থিকভাৱে দুৰ্বল হৈ পৰা মহাবক্স মালচন্দ কৰ্তৃপক্ষই উপায়ন্তৰ হৈ বুধবাৰে বিয়লি অনিদিষ্টকাললৈ বাবে তলা বন্ধ কৰে ডিপোটোৰ ৷

ডিপোটোৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত ইতিমধ্যে ধেমাজি জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আবেদন প্ৰদান কৰাৰ সমান্তৰালভাৱে প্ৰতিলিপি গৃহ বিভাগৰ সচিৱ, সাংসদ প্ৰদান বৰুৱা, শিক্ষামন্ত্ৰীৰ ব্যক্তিগত সচিবৰ লগতে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে ৷ ইয়াৰ পাচত অনাদায় ধনৰাশি কেতিয়াকৈ ডিপো কৰ্তৃপক্ষই ঘূৰাই পায় সেয়াহে লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক: Tejaswita Baruah death: কি পালে তেজস্বিতা বৰুৱাৰ মৃত্যুৰ তদন্তত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.