ETV Bharat / state

অস্তিত্ব সংকটত ধেমাজিৰ পাভমাৰী আৰু লেচিয়া জলাশয় - পাভমাৰী জলাশয়

ক্ৰমে বিলুপ্তিৰ পথত জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ লেচিয়া আৰু পাভমাৰী বিল ৷ চৰকাৰ তথা বন বিভাগক এই দুয়োটা জলাশয় সংৰক্ষণ কৰিবলৈ আহ্বান ৰাইজৰ (Dhemaji pavomari and lesia beel)৷

Etv BharatDhemaji pavomari and lesia beel
অস্তিত্ব সংকটত ধেমাজি পাভমাৰী আৰু লেচিয়া জলাশয়
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 1:29 PM IST

অস্তিত্ব সংকটত ধেমাজি পাভমাৰী আৰু লেচিয়া জলাশয়

ধেমাজি, 26 ডিচেম্বৰ : অস্তিত্ব সংকটত ধেমাজিৰ একমাত্ৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ লেচিয়া আৰু পাভমাৰী বিল ৷ এসময়ত এই দুইখন বিলত উভৈনদী আছিল অসংখ্য ৰৌ, বৰালি, কুঁহি, পাভ আৰু কাছৰ লগতে বিধে বিধে থলুৱা মাছ ৷ ইফালে লেচিয়া নদীৰ দুয়োপাৰ বিল দুখনৰ গাতে লাগি আছে বিভিন্ন পশু-পক্ষীৰ আৱাসভূমি ৷

এই বিল দুখনৰ পৰা ধেমাজিবাসীয়ে লৈছিল থলুৱা মাছৰ সোৱাদ ৷ আনকি পাশ্বৱৰ্তী গাৱঁৰ ৰাইজে বিলত মাছ-কাছ ধৰি নামঘৰত বৰভোজ খাইছিল ৷

পিচে পৰিতাপৰ বিষয় যে বানপানীয়ে ক্ষতি কৰাৰ বাবে লেচিয়া নদীৰ দ্বাৰা সৃষ্ট দুখন বিল আৰু সৰু বৰ জলাশয়সমূহ বালিয়ে পুতি পেলালে ৷ বাচি থকা জলাশয়ৰ ভূমিও ক্ৰমশঃ সংকুচিত আহিছে ৷ ইয়াৰ পিচতে একাংশ স্থানীয় ৰাইজে জলাশয়ৰ ভূমি বে-দখল কৰি কৃষিকাৰ্য আৰম্ভ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

ইয়াৰোপৰি কোনো কোনো লোকে জলাশয়ত পুৱাৰে পৰা সন্ধিয়ালৈকে মাছ মাৰি থলুৱা মাছৰ প্ৰজাতি নিঃশেষ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ স্থানীয় লোকে জনোৱা অনুসৰি, এসময়ত নানা সৰীসৃপ জাতীয় প্ৰাণীৰ লগতে চেং মাছৰ দৰে বিৰল প্ৰজাতিৰ মাছৰ ভঁৰাল আছিল আছিল এই দুই জলাশয় ৷ কিন্তু চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ অমনোযোগিতাৰ বাবেই এতিয়া চকুৰ আগতেই তিল তিলকৈ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে জলাশয় দুটাৰ ৷

ধেমাজিৰ বিশিষ্ট সাহিত্যিক উমেশ চেতিয়াই কয় যে, সম্প্ৰতি সংকটৰ গৰাহত পৰা জলাশয় দুটা সংৰক্ষণ কৰি থলুৱা প্ৰজাতিৰ মাছ আৰু দুষ্প্ৰাপ্য জীৱকুলৰ কথা চিন্তা কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ চৰকাৰে এনে পুৰণি বিল, জলাশয়সমূহ সংৰক্ষণ কৰিবলৈ পদক্ষেপ হাতত ল’ব লাগে ৷

লগতে পঢ়ক: আৰক্ষীক কাবাদী শিকাওক : এনকাউণ্টাৰক লৈ বিৰোধী দলপতিৰ DGP লৈ কটাক্ষ ভৰা পৰামৰ্শ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.