ধেমাজি,7 জুন: ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচত সোমবাৰে জিলাখনত প্ৰথমবাৰৰ বাবে উপস্থিত হয় ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ৷ ধেমাজিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ধেমাজিৰ ক’ভিড কেয়াৰ কেন্দ্ৰ(Covid Care Centre) পৰিদৰ্শন কৰি জিলাখনৰ ক’ভিড পৰিস্থিতিৰ বুজ লয় ৷
ক’ভিড ৰোগীসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে স্বাস্থ্য খণ্ডৰ লোকসকলৰ সৈতে কথা পাতে অভিভাৱক মন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি সাম্প্ৰতিক ক’ভিড আৰু বান পৰিস্থিতিৰ সন্দৰ্ভত জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকতো মিলিত হয় মন্ত্ৰী সঞ্জয় কিষাণ ৷
ইপিনে পুৱাৰ ভাগতে মন্ত্ৰীগৰাকীয়ে লখিমপুৰ লোকসভা সমষ্টি(Lakhimpur lac)ৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগু(MLA Bhuban Pegu)ৰ সৈতে ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লত গৈ মাটিৰ পট্টা সম্পৰ্কীয় বিষয় পৰ্যবেক্ষণ কৰে ৷
লগতে পঢ়ক : উদ্যোগ-বাণিজ্য বিভাগৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা মুখ্যমন্ত্রীৰ