ETV Bharat / state

বাৰিষাৰ পূৰ্বেই জোনাইত বানৰ আতংকঃ টোপনিত কেশৱ মহন্ত

author img

By

Published : Apr 26, 2020, 9:31 PM IST

Updated : Apr 27, 2020, 3:02 PM IST

জোনাইৰ বেৰাচাপৰিত বিগত বৰ্ষত বানত প্ৰায় ৫০০ মিটাৰ মথাউৰি চিয়াং লালী নদীৰ খহনীয়াত জাহ যোৱাত বান পানীৰ কবলত পৰি হাহাকাৰ সৃষ্টি হৈছিল প্ৰায় ২০ খনৰো অধিক গাৱঁৰ ৰাইজৰ মাজত ৷ কিন্তু বিগত এটা বছৰে সম্পূৰ্ণ হৈ নুঠিল মঠাউৰিৰ কাম ৷ যাৰ ফলত এতিয়া অঞ্চলটোৰ ৰাভাকাঠনি,সোণোৱাল কাঠনি,মালভোগ,শান্তিপূৰ,তাৰি মাজগাঁও, তাৰিকছাৰী আদি ১৫ খনৰো অধিক গাৱঁৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে ৷

DHEMAJI JONAI FLOOD EFFECTED AREA STILL NO REPAIRING, ETV BHARAT SPECIAL REPORT
বাৰিষাৰ পূৰ্বেই জোনাইত বানৰ আতংক

জোমাই, 26 এপ্ৰিলঃ বাৰিষা সমাগত | কিন্তু আৰম্ভ হোৱা নাই চিয়াং-লালী নৈৰ ভগ্ন মথাউৰিৰ কাম ৷ ইয়াকে লৈ এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ উল্লেখ্য যে, বেৰাচাপৰিত বিগত বৰ্ষৰ বানত প্ৰায় ৫০০ মিটাৰ মথাউৰি চিয়াং আৰু লালী নদীৰ খহনীয়াত জাহ যোৱাৰ ফলত বান পানীৰ কবলত পৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল প্ৰায় ২০ খনৰো অধিক গাৱঁৰ ৰাইজৰ মাজত ৷ কিন্তু ইয়াৰ পিছতো বিগত এটা বছৰেও সম্পূৰ্ণ হৈ নুঠিল মঠাউৰি নিৰ্মাণৰ কাম ৷ যাৰ ফলত এতিয়া অঞ্চলটোৰ ৰাভাকাঠনি,সোণোৱাল কাঠনি,মালভোগ,শান্তিপূৰ,তাৰি মাজগাওঁ,তাৰিকছাৰী আদি ১৫ খনৰো অধিক গাৱঁৰ ৰাইজৰ মাজত শংকাৰ সৃষ্টি হৈছে ৷

বাৰিষাৰ পূৰ্বেই জোনাইত বানৰ আতংক

আনহাতে, ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰী-বিধায়কে খহনীয়া বানপীড়িত অঞ্চল সমূহ পৰিভ্ৰমণ কৰি নৈপৰীয়া ৰাইজক বিভিন্ন আশ্বাস প্ৰদান কৰিছে যদিও সেইসমূহ সময়ত লগত ফুটুকাৰ ফেনতহে যেন পৰিণত হৈছে ৷ অঞ্চলটোৰ ৰাইজে খহনীয়াৰ ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি হুমুনিয়াহ কঢ়াৰ বাহিৰে কোনো উপায় বিচাৰি পোৱা নাই ৷ সেয়েহে আগন্তুক সময়ত চিয়াং-লালী নৈয়ে সৃষ্টি কৰা ভাবুকিক লৈ চিন্তিত জোনাই নৈপৰীয়া ৰাইজ ৷ শীঘ্ৰে মথাউৰিটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰবিলৈ সমষ্টিটোৰ বিধায়ক আৰু বিভাগীয় কর্তৃপক্ষক দাবী জনাইছে ৷ অন্যথা এইবাৰো চিয়াং আৰু লালী নৈৰ পানীয়ে বুৰাই পেলাব জোনাইৰ বিস্তীৰ্ণ অঞ্চল ৷

লগতে পঢ়কঃ দেওবাৰৰ পৰা মাজুলীত আৰম্ভ হ'ল ফেৰী চলাচল, কিন্তু...

Last Updated : Apr 27, 2020, 3:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.