ETV Bharat / state

Dhemaji inter district Bus Terminus: মুকলি নৌহওঁতেই ভূত বাংলালৈ পৰ্যবসিত ধেমাজি আন্তঃজিলা বাছ আস্থান - COVID 19 pandemic in Assam

মুকলিৰ পূৰ্বেই খহিল ধেমাজি আন্তঃজিলা বাছ আস্থানটো (Dhemaji inter district Bus Terminus) ৷ আস্থানটো ব্যৱহাৰ নকৰা পূৰ্বেই ভাঙিল আস্থানৰ মূল গৃহৰ মজিয়াৰ টাইলছ, এৰিল বিদ্যুত সংযোগ ব্যৱস্থা ৷ নতুন দৰজা খিৰিকীৰ আনুষংগিক আচবাব কব্জা এৰি অকামিলা হৈ পৰিছে ৷ আস্থানৰ ভিতৰত অ’ত ত’ত পৰি আছে তাছপাত, মদৰ বটলকে ধৰি গুটখা জাতীয় পেকেট ৷

Dhemaji inter district Bus Terminus
ধেমাজি আন্তঃজিলা বাছ আস্থান
author img

By

Published : Feb 27, 2023, 10:42 PM IST

ধেমাজি আন্তঃজিলা বাছ আস্থান

ধেমাজি, 27 ফ্ৰেব্ৰুৱাৰী: যাত্ৰীবাহী বাছ এদিনো এখনো নহাকৈয়ে পুৰণি হ’ল ধেমাজি আন্তঃজিলা বাছ আস্থানটো (Dhemaji inter district Bus Terminus) ৷ সম্প্ৰতি আস্থানটো ব্যৱহাৰ নকৰা পূৰ্বেই ভাঙিল আস্থানৰ মূল গৃহৰ মজিয়াৰ টাইলছ ৷ এৰিল বিদ্যুত সংযোগ ব্যৱস্থা ৷ সিঁচৰিত হৈ আছে বিদ্যুতৰ বাকচ, ৱায়াৰ এৰি উন্মুক্ত হৈ পৰি আছে মজিয়াত ৷ বিদ্যুত প্ৰৱাহিত হ’লে বিপদ অনিবাৰ্য ৷ নতুন দৰজা খিৰিকীৰ আনুষংগিক আচবাব কব্জা এৰি অকামিলা হৈ পৰিছে ৷ আচৰিত কথা প্ৰথম মহলাৰ বাৰাণ্ডাৰ সদৃশ পকী মজিয়াত টাইলছ ভাঙি মেলিছে বৃহৎ ফাঁট ৷ ঠিকাদাৰী প্ৰতিষ্ঠানে নিম্নমানদণ্ড কাম কৰাৰ পৰিপ্ৰেক্ষিতত এই অংশত এজাক বৰষুণতে জমা হয় পানী ৷

হয়, ধেমাজি নগৰৰ সমীপৰ তেলিজানত সংশ্লিষ্ট বিভাগে নিৰ্মাণ কৰা আন্ত জিলা বাছ আস্থানটো সম্প্ৰতি মুকলি নৌহওঁতেই ভূতবাংলালৈ পৰ্যবসিত হৈছে ৷ নিৰ্মাণ সমাপ্ত হোৱাৰ পিছত কেৱল ক’ৰণা মহামাৰীৰ সময়ত ক’ভিড ৰোগী ৰখা হৈছিল (COVID-19 pandemic in Assam) ৷ এতিয়া দুই এটা ৰাজহুৱা অনুষ্ঠানে সভা অনুষ্ঠিত কৰাৰ বাবে ব্যৱহাৰ কৰে আস্থানটো ৷ অলপতে বিহু সুৰক্ষা সমিতি অসম নামৰ অনুষ্ঠান এটাই অধিৱেশন অনুষ্ঠিত কৰা দৃশ্য এতিয়াও বিদ্যমান হৈয়ে আছে ৷ কাৰণ অধিৱেশনৰ তোৰণ আৰু পতাকাৰ বেদী আঁতৰাই পৰিস্কাৰ কৰি ৰখা সামাজিক দায়িত্ববোধো পাহৰিলে অনুষ্ঠানটোৰ উদ্যোক্তাই ৷

সেইদৰে আস্থানটোৰ ভিতৰত কোঠাত নিৰ্মাণ কৰা শৌচাগাৰ, প্ৰস্ৰাৱগাৰকে ধৰি কেতবোৰ কক্ষ অতিশয় দূৰ্গন্ধময়, আওপুৰণি সদৃশ ৷ ক‘ৰবাত পৰি আছে তাছপাত, ক’ৰবাত মদৰ বটল, গুটখা জাতীয় পেকেট ৷ পানী টেপসমূহ বিকল হৈ পৰিছে ৷ চাৰিওফালে আৱৰ্জনাই পুতি গন্ধময় পৰিৱেশ সৃষ্টি কৰিছে ৷ এই গৃহটো এতিয়া দুষ্ট অথবা অপৰাধী লোকৰ বাবে জিৰণি লোৱা, জুৱা খেলা আৰু অপৰাধজনিত কাৰ্যকলাপ কৰাৰ উত্তম পৰিৱেশ সৃষ্টি হৈছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে ৷

প্ৰায় 5 কোটি টকা ব্যয় সাপেক্ষে কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰা হৈছিল এই ভৱনটো ৷ কিন্তু চৰকাৰৰ তথা ধেমাজি জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগৰ অদূৰদৰ্শী আৰু অমনোযোগিতাৰ বাবেই এতিয়া এনেদৰে আস্থানটো আওপুৰণি হৈ পৰা লগতে গৃহটো ঠায়ে ঠায়ে পকী এৰাই যোৱাৰ লগতে আচবাব নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে ৷ চৰকাৰ তথা প্ৰশাসনৰ এই কাৰ্যত স্তম্ভিত হৈ পৰিছে ধেমাজিৰ স্থানীয় সচেতন ব্যক্তি তথা দল-সংগঠন ৷ চৰকাৰৰ সংশ্লিষ্ট বিভাগক অচিৰেই ধেমাজি আন্তঃজিলা বাছ আস্থানটো মুকলি কৰিবলৈ দাবী জনোৱা লগতে প্ৰশাসনক গৃহটো চোৱাচিতা কৰি অক্ষত অৱস্থাত ৰাখিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল চুতীয়াই ৷

লগতে পঢ়ক : ভূত বাংলালৈ পৰ্যবসিত ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.