ETV Bharat / state

ধেমাজিৰ গেলুৱা নদীত উদ্ধাৰ গাড়ীসহ দুটা মৃতদেহ - ধেমাজি দুৰ্ঘটনা

গেলুৱা নৈৰ পানীৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে আজি গাড়ীখনৰ লগতে লোক তিনিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি সম্ভাৱনা ব্য়ক্ত কৰিছে এনডিআৰএফ দলে ৷

Dhemaji incident
ধেমাজিত দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ লগতে তিনিজনৰ সন্ধানত অভিযান অব্যাহত
author img

By

Published : Jul 3, 2020, 8:35 AM IST

Updated : Jul 3, 2020, 12:49 PM IST

ধেমাজি, 3 জুলাই : ধেমাজিৰ চিচিবৰগাঁৱৰ গেলুৱা নদীৰ দলঙৰ পৰা বৃহস্পতিবাৰে পানীত পৰি নিখোজ হোৱা দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ লগতে দুগৰাকী আৰোহীক অৱশেষত উদ্ধাৰ কৰা হয় ৷ এডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে যৌথভাবে অভিযান চলাই উদ্ধাৰ কৰে অভিশপ্ত ৰঙা আইটেন গাড়ীসহ টংকেশ্বৰ কলিতা আৰু সৰু জীয়েক কুকি কলিতাৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই গেলুৱা নদীৰ পাৰত আত্মীয় কান্দোনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ।

অৱশ্যে বৰ্তমানো সন্ধানহীন হৈ আছে গাড়ীৰ চালক মনোৰঞ্জন মাহাতু । চালকৰ সন্ধানত পুনৰ উদ্ধাৰ অভিযানত অব্যাহত ৰাখিছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে । আনহাতে টংকেশ্বৰ কলিতা পত্নী সাৱিত্ৰী কলিতা আৰু ডাঙৰ জীয়েক ৰিকি কলিতা বৰ্তমান ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে ।

ধেমাজিৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেলুৱা দলঙত বৃহস্পতিবাৰে লীলাবাৰীৰ পৰা চিলাপথাৰ অভিমুখে আহি থকা এখন আই 10 বাহনখন দুৰ্ঘটনাত পতিত হৈ নদীত উটি যায় । দুৰ্ঘটনাটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি পৰিয়ালটোৰ দুগৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও পানীৰ গভীৰ সোঁতত এএচ ০৭ এফ ২১৬৪ নম্বৰৰ বাহনসহ নিখোজ হৈ পৰে আন চালকসহ আন দুজন লোক ।

স্থানীয় লোকে সংকটজনক অৱস্থাত মাতৃ-কন্যাক চিচিবৰগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ পাছত দুয়োকে উন্নত চিকিৎসাৰ বাবে পিছত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাত নিখোজ হয় চালকসহ লীলাবাৰী কাচিপথাৰৰ নিৱাসী তথা ১৩ নং এপিবিএনৰ হাবিলদাৰ টংকেশ্বৰ কলিতা আৰু সৰু কন্য়া কুকি কলিতা ৷ উদ্ধাৰ হোৱা দুগৰাকী ক্ৰমে টংকেশ্বৰ কলিতাৰ পত্নী সাৱিত্ৰী কলিতা আৰু বৰ কন্যা পল্লৱী ৷

চিলাপথাৰৰ এক বিবাহ অনুষ্ঠানলৈ আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো । লোককেইজনৰ সন্ধানত শুকুৰবাৰে পুৱাৰে পৰা চাৰিখন যন্ত্ৰচালিত বাহনেৰে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছিল উদ্ধাৰ অভিযান ।

লগতে পঢ়ক : বিহাৰত বজ্ৰপাত পৰি ২৬ মৃত্যুঃ শোক প্ৰকাশ গৃহমন্ত্ৰী অমিত শ্বাহৰ

Last Updated : Jul 3, 2020, 12:49 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.