ETV Bharat / state

ক’ভিড 19: সাজু ধেমাজিৰ স্বাস্থ্য বিভাগ - কৰ’ণা মহামাৰী

কৰ’ণাৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজিবলৈ সাজু হৈছে ধেমাজি স্বাস্থ্য বিভাগ ৷ সাজু কৰি তুলিছে ধেমাজি অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ কক্ষ ৷

কভিড-19 : সাজু ধেমাজীৰ স্বাস্থ্য বিভাগ
কভিড-19 : সাজু ধেমাজীৰ স্বাস্থ্য বিভাগ
author img

By

Published : Apr 7, 2021, 10:50 PM IST

ধেমাজি,7 এপ্ৰিল : সমগ্ৰ দেশতে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৱে পুনৰ জোকাৰি গৈছে ৷ অসমৰ বিভিন্ন জিলাত প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা ৷ কৰ’ণা মহামাৰীক ৰুধিবলৈ ধেমাজি জিলা স্বাস্থ্য বিভাগেও তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ পুনৰ পূৰ্বৰ ক’ভিড প্ৰট’কল মানি সাজু হৈছে ধেমাজিৰ স্বাস্থ্য বিভাগ ৷

ক’ভিড 19: সাজু ধেমাজিৰ স্বাস্থ্য বিভাগ

ধেমাজি জিলা স্বাস্থ্য বিষয়া যোগেন দাসে জিলা স্বাস্থ্য কৰ্মী, আশাকৰ্মীক প্ৰশিক্ষণ দিয়া হৈছে বুলি জানিবলৈ দিয়ে ৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ চিকিৎসালয়খনৰ কক্ষ পুনৰ পৰিষ্কাৰ কৰি সাজু কৰি তুলিছে ৷ ক’ভিড ৰোগীৰ বাবে বৰ্তমান ৩০ খন বিচনাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ সেইদৰে ধেমাজি, গোগামুখ, চিলাপথাৰ আৰু জোনাইৰ ৰে’ল ষ্টেচন আৰু বাছ আস্থানসমূহত স্বাস্থ্য কৰ্মীয়ে যাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে স্বাস্থ্য বিষয়া গৰাকীয়ে ৷ কৰ’ণা মহামাৰীক প্ৰতিহত কৰাৰ বাবে ধেমাজি জিলা স্বাস্থ্য বিভাগে সকলো ব্যৱস্থা গ্ৰহণ কৰি সাজু হৈ থকাৰ সমান্তৰালভাৱে জন সাধাৰণক ক’ভিড প্ৰটকল মানি সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.