ETV Bharat / state

PMAYৰ গৃহ প্ৰদানৰ নামত গাঁঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ - প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি

ধেমাজিৰ আমগুৰি গাঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত দৰিদ্ৰ হিতাধিকাৰীক গৃহ প্ৰদানৰ নামত উত্থাপন হৈছে এই অভিযোগ ৷

Dhemaji gaon panchayat corruption on PMAY housing
PMAYৰ গৃহ প্ৰদানৰ নামত গাঁঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Aug 1, 2020, 1:41 PM IST

ধেমাজি, 1 আগষ্ট : ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ আমগুৰি গাঁঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত দৰিদ্ৰ হিতাধিকাৰীক গৃহ প্ৰদানৰ নামত উত্থাপন হৈছে ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷

অভিযোগ অনুসৰি, পঞ্চায়তটোৰ দৰিদ্ৰ লোকসকলক গৃহ প্ৰদান কৰাৰ প্ৰলোভনেৰে পঞ্চায়তৰ সভানেত্ৰী উষা কুলি গগৈ আৰু তেওঁৰ স্বামীয়ে স্থানীয় দৰিদ্ৰ লোকৰ পৰা 7,000 টকাৰ পৰা 10,000 টকা পৰ্যন্ত উৎকোচ লৈছে ৷

PMAYৰ গৃহ প্ৰদানৰ নামত গাঁঁও পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ

পঞ্চায়তটোৰ গড়মৰা ৰহধলাৰ ৰঞ্জিত চুতীয়া, গড়মৰাৰ 10 নং ৱাৰ্ডৰ জ্যোতি চুতীয়া, গড়মৰা চাপৰিৰ দুলুমণি চুতীয়াৰ অন্য ভুক্তভোগীসকলে গৃহ পোৱাৰ আশাৰে আনৰ পৰা টকা ধাৰ কৰি হ’লেও পঞ্চায়তৰ সভানেত্ৰী গৰাকীৰ হাতত দিছিল ৷ পিছে ঘৰ আহিব বুলি কৈ আহিছে যদিও এই পৰ্যন্ত ঘৰ নোপোৱাত ভুক্তভোগীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷

লগতে পঢ়ক : বিজেপি সমৰ্থকক ঘৰত সোমাই ভাবুকি দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.