ETV Bharat / state

আহিনৰ বানে বিধস্ত কৰিছে ধেমাজি জিলাৰ বহুকেইখন গাঁও

author img

By

Published : Sep 30, 2020, 1:49 PM IST

মুষলধাৰ বৰষুণৰ ফলত চিয়াং নৈৰ বাঢ়নী পানীয়ে জোনাই মহকুমাৰ অন্তৰ্গত পাৱ মুখ, ভেড়া মিলন, জলডুবি,লোহিতপুৰ দেউৰীগাঁও,হৰিপুৰ দেউৰী গাঁৱকে আদি কৰি ক্ষতিগ্ৰস্ত হৈছে ৩০ খনতকৈ অধিক গাঁওৰ সহস্ৰাধিক লোক ।

বিধস্ত কৰিছে বহুকেইখন গাওঁ
বিধস্ত কৰিছে বহুকেইখন গাওঁ

জোনাই, 30 ছেপ্টেম্বৰ : আহিনৰ বানত এইবাৰ বিনষ্ট হৈছে জোনাই মহকুমাৰ অন্তৰ্গত ৩০ খনতকৈও অধিক গাঁও ৷ বিগত কিছুদিন ধৰি অৰুণাচল আৰু অসমত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ছিয়াং নৈৰ বাঢ়নী পানীয়ে জোনাই মহকুমাৰ অন্তৰ্গত পাৱ মুখ, ভেড়া মিলন, জলডুবি,লোহিতপুৰ দেউৰীগাঁও,হৰিপুৰ দেউৰী গাঁৱকে আদি কৰি ক্ষতিগ্ৰস্ত হৈছে ৩০ খনতকৈ অধিক গাঁৱৰ সহস্ৰাধিক লোক ।

বিধস্ত কৰিছে বহুকেইখন গাওঁ
বিধস্ত কৰিছে বহুকেইখন গাওঁ

এতিয়া পানীৰ তলত শ শ বিঘা কৃষিভূমি ৷ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ মাজত ।

বিধস্ত কৰিছে বহুকেইখন গাওঁ
বিধস্ত কৰিছে বহুকেইখন গাওঁ

ওখ ঠাইৰ সন্ধান বিচাৰি মথাউৰীতে পোহনীয়া জীৱ জন্তুৰ সৈতে সহবাস কৰিছে স্থানীয় ৰাইজে । চিয়াং নৈৰ প্ৰলয়ংকাৰী বানৰ পৰা ৰাইজে সকাহ পাব বুলি স্বস্তিৰে উশাহ লৈছিল যদিও আহিনৰ বানে সকলো নিঃশেষ কৰি পেলালে ।

ইপিনে বৰ্তমানো বানাক্ৰান্তৰ ওচৰলৈ কোনো প্ৰশাসন বা জন প্ৰতিনিধি সাহায্য আগবঢ়োৱা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : প্ৰস্তাৱিত ভূমি আৱন্টনৰ সন্দৰ্ভত মৰিগাঁৱত ভূমি উপদেষ্টা কমিটিৰ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.