ধেমাজি, 27 ফেব্ৰুৱাৰী : ধেমাজি নগৰত নলা নৰ্দমা নিৰ্মাণৰ নামত মাটি খান্দি নগৰৰ মাজমজিয়াস্থিত ৰাজপথৰ দাঁতিত মাটিৰ দ’মৰ সৃষ্টি কৰিছে নলা নৰ্দমা নিৰ্মাণৰ দায়িত্বত থকা সংশ্লিষ্ট বিভাগটোৱে ৷ শিল বালি দ’মে ৰাজপথৰ কাষত পাহাৰৰ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে ৷ যাৰ বাবে এক ডাঙৰ বিপদৰ সন্মুখীন হোৱাৰ আশংকাত শংকিত হৈ পৰিছে ধেমাজি নগৰবাসী ৷ ধেমাজি সদৰৰ মুখ্য চাৰিআলিৰ পৰা উপায়ুক্ত কাৰ্যালয় আৰু কাছাৰী ময়দানলৈকে পদপথৰ নিৰ্মাণৰ নামত ধেমাজি নগৰত বিশৃংখলতা সৃষ্টি কৰিছে সংশ্লিষ্ট বিভাগটোৱে ৷ ধেমাজিত বাইপাচৰ অভাৱত তীব্ৰ যানজঁটৰ সমস্যাই দেখা দিয়া নগৰখনত এতিয়া এনেদৰে সংশ্লিষ্ট বিভাগটোৱে নিৰ্মাণ কাৰ্যৰ নামত সৃষ্টিৰ কৰিছে এক মৰণফান্দ ৷ সেয়ে খৰতকীয়াকৈ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি যাতায়ত সুচল কৰি দিবলৈ ধেমাজি নগৰবাসীয়ে সংশ্লিষ্ট বিভাগক দাবী জনাইছে ৷
উল্লেখ্য যে, ধেমাজিৰ তদানীন্তন বিধায়িকা সুমিত্ৰা পাতিৰ দলেৰ দিনতেই নগৰ উন্নয়ন পৰিকল্পনাৰ অধীনত নগৰৰ পানী নিষ্কাষণৰ বাবে এই নৰ্দমা নিৰ্মাণৰ অভিলাষী আচঁনিখন গ্ৰহণ কৰিছিল যদিও পাঁচটা বছৰ অতিক্ৰম কৰাৰ পাছতো আজিকোপতি সম্পূৰ্ণ নহ’ল আঁচনিখনৰ কাম ৷ সেয়ে ধেমাজি নগৰৰ উন্নয়ন পৰিকল্পনা বিভাগক তীব্ৰ সমালোচনা কৰিছে ধেমাজিৰ দল সংগঠন আৰু নাগৰিকে ৷ ইপিনে পুনৰ নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতো এই নিৰ্মাণ কাৰ্য কেনেদৰে সম্পূৰ্ণ হ’ব তাক লৈ সন্দিহান হৈ পৰিছে ধেমাজি নগৰৰ দল সংগঠন আৰু নাগৰিক সমাজ ৷
লগতে পঢ়ক : পাকিস্তান জিন্দবাদ ধ্বনি দিয়া লোকৰ ভোট নালাগে বিজেপিক !