ETV Bharat / state

ঋতুপৰ্ণ হত্যাকাণ্ড : পত্নীক চাকৰি দিয়াৰ দাবী ধেমাজি জিলা কংগ্ৰেছৰ !

ঋতুপৰ্ণ পেগুৰ পত্নীক এককালীন সাহায্য দিয়াৰ উপৰিও এটি চৰকাৰী চাকৰি দিবলৈ চৰকাৰলৈ আহ্বান ধেমাজি জিলা কংগ্ৰেছ দলৰ ৷ ইতিমধ্যে দেওবাৰে ঋতুপৰ্ণ পেগুৰ নশ্বৰ দেহ শোকাকূল পৰিৱেশৰ মাজত অন্তিম সৎকাৰ কৰা হয় ৷

author img

By

Published : Jun 14, 2020, 9:24 PM IST

Dhemaji  district congress demand death Rituparan family Govt job
ঋতুপৰ্ণ হত্যাকাণ্ডঃ পত্নীক চাকৰি দিয়াৰ দাবী ধেমাজি জিলা কংগ্ৰেছৰ

ধেমাজি, ১৪ জুনঃ গুৱাহাটী মহানগৰীৰ নুনমাটিত সংঘটিত হোৱা লোমহৰ্ষক ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি নিতু বৰগোহাঁইয়ে ৷ অতি শীঘ্ৰে পৰিয়ালটোক এককালীন সাহায্য আৰু এটি চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সভাপতি গৰাকীয়ে ৷

মহানগৰীৰ নুনমাটিত দিনদুপৰতে বৰ্বৰভাৱে হত্যা কৰা হৈছিল ধেমাজি জিলা অকাজানৰ ঋতুপৰ্ণ পেগুক ৷ উক্ত ঘটনাই ইতিমধ্যেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নিহত ঋতুপৰ্ণ পেগুৰ নশ্বৰ দেহ দেওবাৰে ধেমাজিৰ চিলাপথাৰৰ অকাজানৰ ঘৰলৈ অনাৰ পিছতেই শোকাকূল পৰিৱেশৰ মাজত অন্তিম সৎকাৰ কৰা হয় ৷ ইপিনে উক্ত ঘটনাৰ লগত জড়িত দোষীয়ে কঠোৰ শাস্তি পোৱাৰ দাবীত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

ঠিক একেদৰে ধেমাজি জিলা কংগ্ৰেছৰ দলৰ জিলা সভাপতি নিতু বৰগোহাঁইয়ে উক্ত ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, হৰিনাথ পেগুৰ কনিষ্ঠ পুত্ৰ ঋতুপৰ্ণ পেগুক যিসকলে নৃশংসভাবে হত্যা কৰিলে সেই সকলক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে ৷ ঋতুপৰ্ণ পেগুৰ অকাল মৃত্যুত জিলা কংগ্ৰেছে গভীৰ দুখ প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷ লগতে নিহত পেগুৰ পত্নী আৰু সন্তানক চৰকাৰে শীঘ্ৰে এককালীন সাহায্য আৰু এটি চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ আহ্বান জনাইছে সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক- ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ড : পোহৰলৈ আহিছে বিস্ফোৰক তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.