ETV Bharat / state

Lower Subanshiri big dam: নামনিবাসী ৰাইজলৈ ধেমাজি জিলা প্ৰশাসন আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ জৰুৰী সৰ্তকতা - ধেমাজি জিলা প্ৰশাসন

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাষৰ পাহাৰ খহি পৰা ফলত বন্ধ হৈ পৰিছে মূল বান্ধৰ ডাইভাৰছন টানেল । ইয়াৰ ফলত সোৱণশিৰি নদীখন শুকাই গৈছে ৷ যাৰবাবে নৈপৰীয়া ৰাইজে মাছ ধৰা আৰু বিভিন্ন কামৰ বাবে নদীৰ মাজলৈ সোমাই আহিছে । ইয়াৰ মাজতে নামনিবাসী ৰাইজলৈ ধেমাজি জিলা প্ৰশাসন আৰু মিচিং স্বায়ত্তশাসিত পৰিষদে জৰুৰী সৰ্তকতা নিৰ্দেশনা জাৰি কৰিছে ৷

Lower Subanshiri big dam
নামনিবাসী ৰাইজলৈ ধেমাজি জিলা প্ৰশাসন আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ জৰুৰী সৰ্তকতা
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 8:20 AM IST

ধেমাজি, ২৮ অক্টোবৰ: বিপৰ্যয়ে লগ নেৰা বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পথলীত এইবাৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা ৷ জানিব পৰা মতে, সোৱণশিৰি নদীত ভূমিস্খলন হোৱা ফলস্বৰূপেই মূল বান্ধ ডাইভাৰছন টাৰ্নেল বন্ধ হৈ পৰাত নদীখনৰ নামনি অংশ অভাৱনীয়ভাৱে তৰাং হৈ পৰিছে । নদীখন হঠাতে এনেদৰে অস্বাভাৱিকভাৱে শুকাই যোৱাত নামনিৰ গোগামুখ, ধেমাজি আৰু লক্ষীমপুৰবাসী শংকিত হৈ পৰিছে ৷ সেয়ে এইক্ষেত্ৰত নামনিবাসীক সষ্টম হৈ থাকিবলৈ শুকুৰবাৰে নিশা ভাগত ধেমাজি জিলা প্ৰশাসন আৰু গোগামুখৰ মিচিং স্বায়ত্তশাসিত পৰিষদে জৰুৰী সতৰ্কতা নিৰ্দেশ দিছে ৷

সেইমতে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই জনাইছে যে গেৰুকামুখ বান্ধ প্ৰকল্পৰ সকলো টানেল বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত সোৱনশিৰি নদীত পানীৰ প্ৰৱাহ স্তব্ধ হৈ পৰিছে । কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ পাচত সম্ভাব্য দহ ঘন্টাৰ পাচত পানী এৰি দিয়াৰ কথা জানিব পৰা হৈছে । সোৱণশিৰি নদীৰ নামনি অংশত পানী শুকাই যোৱাৰ ফলত নৈপৰীয়া ৰাইজে মাছ ধৰা আৰু বিভিন্ন কামৰ বাবে নদীৰ মাজলৈ সোমাই আহিছে ।

পানী এৰি দিয়াৰ ফলত সম্ভাব্য যিকোনো বিপৰ্যয়ৰ পৰা হাত সাৰিবলৈ সোৱণশিৰি নদীৰ পাৰৰ গাঁওসমূহৰ ৰাইজক সতৰ্ক কৰি দিয়াৰ লগতে তৎকালীনভাৱে সতৰ্ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আঞ্চলিক সমিতিসমূহক সতৰ্ক কৰি দিবলৈ কেন্দ্ৰীয়/ জিলা নেতৃবৃন্দলৈ জৰুৰীকালীন আহ্বান জনায় মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ৷

ইফালে ধেমাজি জিলা প্ৰশাসনে নামনিবাসীৰ সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে ৷ নিষেধাজ্ঞা আৰোপ কৰা মতে নৈৰ বুকুত মাছ ধৰা, খেলা, সাঁতোৰা নাও চলোৱা আদিৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ তদুপৰি নদীখনৰ দাঁতিকাষৰীয়া নামনি অংশত বাস কৰা লোকসকলক গৰু, ছাগলী আদি পোহনীয় জন্তু নিৰাপদ স্থানত আশ্ৰয় দিবলৈ আহ্বান জনোৱা হয় ৷ সোৱণশিৰি বুকুত জলৰাশি পৰিমাণ স্বাভাৱিক নোহোৱা পৰ্যন্ত এই নিৰ্দেশ বাহাল থাকিব বুলি উল্লেখ কৰে ধেমাজি জিলা প্ৰশাসনে ৷ অৱশ্যে আতংকিত নহ’বলৈ সকলো পক্ষকে আহ্বানো জনোৱা হৈছে ৷ উল্লেখ্য যে, ১৯৫০ চনৰ পাচৰ সোৱণশিৰিৰ নদীৰ কালৰূপ পুনৰাবৃত্তি হোৱাৰ আশংকাৰ কথা মুখে মুখে চৰ্চিত হৈছে ৷

লগতে পঢ়ক: Subansiri Dam : অস্বাভাৱিকভাৱে শুকাই গৈছে সোৱণশিৰিৰ বক্ষ; ভয়ংকৰ বিপদৰ আশংকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.