ETV Bharat / state

ধেমাজিত ক'ভিড সম্পৰ্কীয় নিয়ন্ত্ৰণ কক্ষ মুকলি

জনসাধাৰণৰ সুবিধাৰ্থে ধেমাজি জিলা প্ৰশাসনে আৱৰ্ত ভৱনত স্থাপন কৰিছে ক'ভিড-১৯ নিয়ন্ত্ৰণ কক্ষ । জিলাখনৰ যিকোনো ক'ভিড সংক্ৰান্তীয় অনুসন্ধান, অভিযোগ তথা স্পষ্টীকৰণ আদি জনসাধাৰণে এই নিয়ন্ত্ৰণ কক্ষত দাখিল কৰিব পাৰিব ।

Dhemaji covid control room
ধেমাজিত ক'ভিড সম্পৰ্কীয় নিয়ন্ত্ৰণ কক্ষ মুকলি
author img

By

Published : May 18, 2021, 1:04 PM IST

ধেমাজি,১৮ মে': সমগ্ৰ ৰাজ্যতে কৰ'ণাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে সষ্টম হৈছে ৰাজ্য চৰকাৰ । ৰাইজক সজাগ কৰাৰ লগতে সংক্ৰমণ ৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে প্ৰতিখন জিলালৈ চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে ।

চৰকাৰৰ নিৰ্দেশনা অনুসৰিয়ে ধেমাজি জিলা প্ৰশাসনেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে । জনসাধাৰণৰ সুবিধাৰ্থে জিলা প্ৰশাসনে আৱৰ্ত ভৱনত স্থাপন কৰিছে এক ক'ভিড-১৯ নিয়ন্ত্ৰণ কক্ষ । এতিয়াৰে পৰা জিলাখনৰ যিকোনো ক'ভিড সংক্ৰান্তীয় অনুসন্ধান, অভিযোগ তথা স্পষ্টীকৰণ আদি জনসাধাৰণে এই নিয়ন্ত্ৰণ কক্ষত দাখিল কৰিব পাৰিব ।

Dhemaji covid control room
ধেমাজিত ক'ভিড সম্পৰ্কীয় নিয়ন্ত্ৰণ কক্ষ মুকলি

লগতে ৰাইজে ০৩৭৫০-২২৪০১৪ আৰু ৭৫৭৭০-৩৫৬৩৯ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব আৰু যিকোনো অনুসন্ধান, অভিযোগ আদি দাখিল কৰিব পাৰিব । এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জনাই জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ে ৷

লগতে পঢ়ক: মৰাণত দ্ৰুতহাৰত ক'ভিড আক্ৰান্ত বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.