ETV Bharat / state

Disqualification of Rahul Gandhi: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ সৰৱ ধেমাজি কংগ্ৰেছ - ক্ষেত্ৰত ৰহস্যৰ গোন্ধ পাইছে ধেমাজিত কংগ্ৰেছে

ধেমাজিত কংগ্ৰেছৰ সংবাদমেল ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ সমান্তৰালকৈ সংবাদমেলযোগে প্ৰকাশ কৰি আহিছে প্ৰতিক্ৰিয়া ৷ দেশৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ ধেমাজিতো জিলা কংগ্ৰেছৰ সংবাদমেল ৷ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে অংশ গ্ৰহণ কৰি শাসকীয় দল বিজেপিক কৰিলে চোকা সমালোচনা (Dhemaji congress Press meet) ৷

Dhemaji congress Press meet
ধেমাজিত কংগ্ৰেছৰ সংবাদমেল
author img

By

Published : Apr 1, 2023, 8:13 AM IST

ধেমাজিত কংগ্ৰেছৰ সংবাদমেল

ধেমাজি, 1 এপ্ৰিল : কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ ধেমাজি কংগ্ৰেছে শুকুৰবাৰে এই সন্দৰ্ভত আয়োজন কৰে এক সংবাদমেলৰ ৷ ধেমাজিৰ ইন্দিৰা ভৱনত জিলা কংগ্ৰেছ কমিটিয়ে অনুষ্ঠিত কৰে এখন সংবাদমেলৰ ৷ সংবাদমেলখন সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোহাঁইয়ে কয় যে ৰাহুল গান্ধীয়ে সংসদত আদানীৰ বিৰুদ্ধে মন্তব্য কৰাৰ ৯ দিনৰ পাছতেই এজন বিজেপি বিধায়কে পুৰণি এটা বিষয়ক লৈ গুজৰাটৰ চুৰাটৰ আদালতত গোচৰ তৰিছিল (Disqualification of Rahul Gandhi) ।

ৰাহুল গান্ধীয়ে সকলোবোৰ চোৰৰ উপাধি কিয় একেই বুলিহে প্ৰশ্ন উত্থাপন কৰিছিল ৷ মোদী চোৰ বা সামগ্ৰিকভাৱে কোনো জাতিকো সাংসদগৰাকীয়ে উদ্দেশ্য কৰি এই কথা কোৱা নাছিল ৷ তদুপৰি, নীৰৱ মোদী ,ললিত মোদী দুয়োজনেই অন্যান্য পিছপৰা জাতিৰ লোক নহয় বুলিও সংবাদ মেলত স্পষ্ট কৰি দিয়ে কংগ্ৰেছ কমিটিৰ মুখপাত্ৰগৰাকীয়ে (Rahul Gandhi case update) ৷

এটা ফৌজদাৰী মানহানি গোচৰত দুবছৰ কাৰাদণ্ড সৰ্বোচ্চ শাস্তি বুলি উল্লেখ কৰি বৰগোহাঁয়ে এটা লঘু গোচৰত এনে গুৰু শাস্তি কিয় বুলি প্ৰশ্ন উত্থাপন কৰে ৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে গণতন্ত্ৰক হত্যা কৰিছে বুলি সংবাদ মেলখনত উল্লেখ কৰে ধেমাজি কংগ্ৰেছে ৷ যুৱ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা সমগ্ৰ প্ৰক্ৰিয়াটো বিজেপি দল আৰু চৰকাৰৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰে ৷ বিজেপি দলে দেশৰ গণতন্ত্ৰ, লোকতন্ত্ৰ আৰু সাংবিধানিক অধিকাৰ নস্যাৎ কৰি স্বৈৰতন্ত্ৰ প্ৰৱৰ্তন কৰা বুলি অভিযোগ কৰি ইয়াৰ বিৰুদ্ধে কংগ্ৰেছ দলে ধাৰবাহিকভাৱে তীব্ৰ প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ প্ৰদান কৰে (Rahul Gandhi defamation case) ৷

Dhemaji congress Press meet
ধেমাজিত কংগ্ৰেছৰ সংবাদমেল

ৰাহুল গান্ধীয়ে সংসদত আদানী সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিছিল যদিও অধ্যক্ষই অনুমতি প্ৰদান কৰা নাছিল বুলিও উল্লেখ কৰে ধেমাজি কংগ্ৰেছে ৷ ৰাহুল গান্ধীৰ সাংসদ পদ ষড়যন্ত্ৰমূলকভাৱে খাৰিজ কৰাৰ অভিযোগ ধেমাজি জিলা কংগ্ৰেছৰ ৷ সংবাদ মেলখনত উপস্থিত থাকে ধেমাজি ব্লক কংগ্ৰেছৰ সভাপতি দুলাল গগৈ, জিলা কংগ্ৰেছৰ সভাপতি মহিন্দ্ৰ বুঢ়াগোহাঁইৰ লগতে অন্যান্য বিষয়ববীয়াসকল (Dhemaji congress on Rahul Gandhi issue) ৷

লগতে পঢ়ক : Violation of NEP: অসম চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় শিক্ষা নীতি ভংগৰ অভিযোগত প্ৰধানমন্ত্ৰীলৈ পত্ৰ এজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.