ETV Bharat / state

কপৌফুলৰ খেতিয়ক টংকেশ্বৰ দলৈৰ দুখ কিয় ? - DHEMAJI ORCHID STORY

ধেমাজি নলনিপাম গাঁৱৰ উদ্যমী প্ৰকৃতিপ্ৰেমী টংকেশ্বৰ দলৈয়ে দীৰ্ঘদিন ধৰি কপৌ ফুল সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে নিজকে আত্মনিয়োগ কৰি আহিছে ৷ তেখেতে প্ৰায় ১৩০ বিধ বিভিন্ন প্ৰজাতিৰ কপৌফুল নিজৰ বাৰীত সংৰক্ষণ কৰিছে ।

ASSAM DHEMAJI BOHAG BIHU ORCHID SPECIAL STORY
কপৌফূলৰ খেতিয়ক টংকেশ্বৰ দলৈৰ দুখ কিয় ?
author img

By

Published : Apr 15, 2020, 9:09 PM IST

Updated : Apr 16, 2020, 11:20 AM IST

ধেমাজি, 15 এপ্ৰিলঃ কৰ’ণা আতংকৰ বাবে দেশজুৰি ঘোষণা কৰা লকত এইবেলি ম্লান পৰিল অসমীয়াৰ বাপতি সাহোন ৰঙালীৰ উছাহ ৷ একেদৰেই বিহুৰ এই বতৰত এলাগী হৈ পৰিল নাচনীৰ ঘিলা খোপাৰ সৌন্দৰ্য বহনকাৰী কপৌপাহি । ধেমাজিৰ এগৰাকী উদ্যমী কপৌফূলৰ খেতিয়ক টংকেশ্বৰ দলৈৰ বাৰীত জাতিষ্কাৰ হৈ পৰা নানাৰঙী কপৌফুল বিচাৰি এইবেলি তেখেতৰ ওচৰলৈ আহিব পৰা নাই কোনো নাচনী ৷ যাৰ ফলত এতিয়া গছতেই মৰহি যোৱাৰ উপক্ৰম হৈছে শ শ পাহ কপৌফুল ।

ASSAM DHEMAJI BOHAG BIHU ORCHID SPECIAL STORY
বিভিন্ন প্ৰজাতিৰ কপৌফুল নিজৰ বাৰীত সংৰক্ষণ কৰিছে

উল্লেখ্য যে,ধেমাজি নলনিপাম গাঁৱৰ উদ্যমী প্ৰকৃতিপ্ৰেমী লোকজনে দীৰ্ঘদিনধৰি কপৌ ফুল সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কামত নিজকে আত্মনিয়োগ কৰি আহিছে ৷ তেখেতে প্ৰায় ১৩০ বিধ বিভিন্ন প্ৰজাতিৰ কপৌফুল নিজৰ বাৰীত সংৰক্ষণ কৰিছে । বহাগৰ বতৰত নাচনীক ফুল বিক্ৰী কৰিয়ে কেইবাহাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম দলৈয়ে ৷

কপৌফূলৰ খেতিয়ক টংকেশ্বৰ দলৈৰ দুখ কিয় ?

এইবেলি ফুলবোৰ ফুলিছে যদিও মন বিষাদেৰে ভৰাক্ৰান্ত হৈ পৰিছে । তৎসত্বেও প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য বৰ্ধন কৰাৰ বাবেই আত্মসন্তুষ্টি লভিছে কপৌফুলৰ খেতিয়কজনে ।

লগতে চাওকঃ গোঁসাই বিহুৰ দিনটোতে ৰাজ্যজুৰি ধুমুহাৰ তাণ্ডৱ

Last Updated : Apr 16, 2020, 11:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.