ETV Bharat / state

ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান স্থগিত - advoctae's death

বুধবাৰে নিশা ধেমাজিৰ উকীল সন্থাৰ সম্পাদক ঘনশ্যাম লাহনৰ এক দুৰ্ঘটনাত মৃত্যু হোৱাত আদালতে ৰায়দান স্থগিত ৰাখি অহা ৪ জুলাইত ৰায়দানৰ দিন ধাৰ্য কৰে ।

ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান স্থগিত
author img

By

Published : Jun 20, 2019, 3:42 PM IST

Updated : Jun 20, 2019, 6:06 PM IST

ধেমাজি,২০ জুন: আজি ২০০৪ চনৰ, ১৫ আগষ্টত ধেমাজিত উগ্ৰপন্থীৰ ভয়াৱহ বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান দিয়াৰ কথা আছিল। কিন্তু বুধবাৰে নিশা ধেমাজিৰ উকীল সন্থাৰ সম্পাদক ঘনশ্যাম লাহনৰ এক দুৰ্ঘটনাত মৃত্যু হোৱাত আদালতে ৰায়দান স্থগিত ৰাখি অহা ৪ জুলাইত ৰায়দানৰ দিন ধাৰ্য কৰে।

ধেমাজি বোমা বিস্ফোৰণ কাণ্ডৰ ৰায়দান স্থগিত

বুধবাৰে নিশা জনপ্ৰিয় যুৱ অধিবক্তা ঘনশ্যাম লাহনে এঠাইৰ পৰা ৰাভা দিৱসৰ প্ৰস্তুতি বুজ লৈ আহি থকা অৱস্থাত নিজৰ ঘৰৰ সমীপতে এক পথ দুৰ্ঘটনাত মৃত্যু হয়। ইপিনে যুৱ অধিবক্তা তথা সমাজকৰ্মী গৰাকীৰ মৃত্যুৰ বাতৰিয়ে ব্যথিত কৰি তুলে অধিবক্তা সমাজৰ লগতে সমগ্ৰ ধেমাজিবাসীক। অধিবক্তা গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিচতে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদতস্থিত উকীল সন্থাৰ কাৰ্যালয়লৈ অনা হয় । কাৰ্যালয়ত উকীল সন্থাৰ লগতে বিভিন্ন দল সংগঠনৰ লগতে গুণমুগ্ধসকলে অধিবক্তা গৰাকীৰ মৃতদেহত পুষ্পাঞ্জলি আগবঢ়াই অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে জিলা উকীল সন্থাই আজি সকলোধৰণৰ কাম কাজৰ পৰা বিৰত থাকি বিয়লি বন্তি প্ৰজ্বলন কৰিব । উল্লেখ্য যে প্ৰয়াত ঘনশ্যাম লাহনে ধেমাজিৰ সৰ্বকালৰ ভয়াৱহ বোমা বিস্ফোৰণ কাণ্ডৰ চাৰি গৰাকী অভিযুক্তৰ হৈ উকালতি কৰিছিল।

Intro:ধেমাজি উকীল সন্থাৰ কাৰ্যালয়ৰ চৌহদত শোকাকূল পৰিবেশ ।ধেমাজি বোমা বিস্ফোৰণৰ কাণ্ডৰ ৰায়দান স্থগিত । অহা ৪ জুলাইত পৰৱৰ্তী দিন ধাৰ্য ।

Body:ধেমাজি , ২০ জুন : ২০০৪ চনৰ ,১৫ আগষ্টত স্বাধীনতা দিৱসত ধেমাজিত উগ্ৰপন্থীৰ ভয়াৱহ বোমা বিস্ফোৰণৰ কাণ্ডৰ ৰায়দান আছিল যদিও আচম্বিতে ধেমাজিৰ উকীল সন্থাৰ সম্পাদক ঘনশ্যাম লাহন দুৰ্ঘটনাজনিত কাৰণত বুধবাৰে নিশা মৃত্যু হোৱাত আদালতে ৰায়দান স্থগিত ৰাখি পৰৱৰ্তী অহা 4 জুলাইত ৰায়দানৰ দিন ধাৰ্য কৰে ।
ইপিনে জনপ্ৰিয় যুৱ অধিবক্তা , সমাজকৰ্মী ঘনশ্যাম লাহনৰ মৃত্যুৰ বাতৰিয়ে ব্যথিত কৰি তোলে অধিবক্তা সমাজৰ লগতে সমগ্র ধেমাজিবাসীক । অধিবক্তাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছতে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা উকীল সন্থা ৰ কাৰ্যালয়লৈ আনে । ইয়াৰ পিছতে উকীল সন্থাৰ কাৰ্যালয়ৰ চৌহদত এক শোকাকূল পৰিবেশে বিৰাজ কৰে ।কাৰ্যালয়ত উকীল সন্থাৰ লগতে বিভিন্ন দল সংগঠন তথা গুণমুগ্ধ ই মৃতদেহৰ ওপৰত পুষ্পাঞ্জলি আগবঢ়াই অন্তিম শ্ৰদ্ধা জনায় ।

স্মৰ্তব্য যে এঠাইত ৰাভা দিৱসৰ প্ৰস্তুতি বুজ লৈ আহি থকা অৱস্থাত বুধবাৰে নিশা নিজৰ ঘৰৰ সমীপতে এক গাড়ী দুৰ্ঘটনাত মৃত্যু হোৱা জনপ্ৰিয় যুৱ অধিবক্তা প্ৰয়াত ঘনশ্যাম লাহন ধেমাজিৰ সৰ্বকালৰ ভয়াবহ বোমা বিস্ফোৰণ কাণ্ডৰ চাৰি গৰাকী অভিযুক্তৰ হৈ উকালতি কৰিছিল ।

আনফালে জিলা উকীল সন্থাই আজি সকলোধৰণৰ কাম কাজৰ পৰা বিৰত থাকি সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰিব । জনপ্ৰিয় যুৱ অধিবক্তাগৰাকীৰ মৃত্যুত ধেমাজিত শোকৰ ছা‍ঁ পৰিছে আৰু ম্লান পৰিছে ভিন্ন ঠাইত ৰাভা দিৱসৰ উচাহ ।

byte....1..+..2. advocate

Pradunya Bharali , Dhemaji , Assam, 20/6/2019

Conclusion:
Last Updated : Jun 20, 2019, 6:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.