ETV Bharat / state

কৰ’ণাৰ বাবে ধেমাজিত বিহু সন্মিলন স্থগিত

কৰ’ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজিৰ তেলিজান অষ্টাংগণ সংঘৰ সৌজন্যত ১ মে’ত উদযাপন হ’বলগীয়া দশম বাৰ্ষিক ৰঙালী বিহু সন্মিলনখনি সাময়িকভাৱে স্থগিত ৰাখিলে আয়োজক সমিতিয়ে ৷

কৰ’ণাৰ বাবে ধেমাজিত বিহু সন্মিলন উদযাপন স্থগিত

author img

By

Published : Apr 29, 2021, 12:11 PM IST

ধেমাজি,29 এপ্ৰিল: ধেমাজি জিলাতো ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ সেয়েহে কৰ’ণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজিৰ তেলিজান অষ্টাংগণ সংঘৰ সৌজন্যত ১ মে’ত উদযাপন হ’বলগীয়া দশম বাৰ্ষিক ৰঙালী বিহু সন্মিলনখনি সাময়িকভাৱে স্থগিত ৰাখিলে আয়োজক সমিতিয়ে ৷ সংবাদ মাধ্যমৰ যোগেদি উদযাপন সমিতিৰ সভাপতি জয়ন্ত দিহিঙীয়াই সকলো বিহুপ্ৰেমী ৰাইজক মহামাৰী কৰ’ণাৰ এই ভয়াৱহ পৰিস্থিতিৰ পৰা সাৱধান হ’বলৈ আহ্বান জনোৱাৰ লগতে ১ মে’ৰ পৰা উদযাপন হ’বলগীয়া বিহু বাতিল কৰি ৩১ ব’হাগলৈকে অপেক্ষা কৰাৰ কথা প্ৰকাশ কৰে ৷

কৰ’ণাৰ বাবে ধেমাজিত বিহু সন্মিলন উদযাপন স্থগিত

ইয়াৰ লগতে কৰ’ণাৰ সংক্ৰমণ হ্ৰাস পালে এই বিহু সন্মিলনখনি উদযাপন কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব পাৰে অন্যথা বাতিলৰ চূড়ান্ত সিদ্ধান্ত ল’ব বুলিও সদৰী কৰে ৷ আনহাতে, বিহু সন্মিলনিখন বিগত বছৰৰ দৰে এই বছৰো উদযাপন কৰাত ব্যৰ্থ হৈ পৰাত উদযাপন সমিতিৰ যুৱক-যুৱতী আৰু স্থানীয় বিহুপ্ৰেমী ৰাইজে দুখ প্ৰকাশ কৰে ৷

লগতে পঢ়ক : সান্ধ্য আইন ভংগ কৰি কাকীত অনুষ্ঠিত বিহুৰ অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.