ধেমাজি, ২০ অক্টোবৰ: নিৰ্যাতিতালৈ সহায়ৰ হাত আগবঢ়াবলৈ ধেমাজি 'সখী' একক অৱস্থান কেন্দ্ৰ মুকলি কৰা হয়। সমাজ কল্যাণ বিভাগৰ অধীনত এই কেন্দ্ৰটো মুকলি কৰা হয়। ধেমাজি নগৰত 'সখী' একক অৱস্থান কেন্দ্ৰ মুকলি কৰে সাংসদ প্ৰদান বৰুৱাই।
![ধেমাজিত 'সখী' একক অৱস্থান কেন্দ্ৰ মুকলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-01-sakhi-inauguration-visbyte-as10021_20102020153049_2010f_01667_942.jpg)
অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ধেমাজিৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰ, জিলা ন্যায় আইন সেৱা প্ৰাধিকৰণৰ সচিব নুৰ আমিন লস্কৰ, জিলা সমাজ কল্যান বিষয়া বিৰিঞ্চি বৰা আৰু জিলা মহিলা সমিতিৰ বিষয়ববীয়াই। এই কেন্দ্ৰটিৰ জৰিয়তে ধেমাজিৰ মহিলাই সহায়-সহযোগিতা লাভ কৰিব বুলি আশাবাদী কেন্দ্ৰ কৰ্তৃপক্ষ।
![ধেমাজিত 'সখী' একক অৱস্থান কেন্দ্ৰ মুকলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-01-sakhi-inauguration-visbyte-as10021_20102020153055_2010f_01667_26.jpg)
নাৰীক সুৰক্ষা প্ৰদান কৰা আৰু নিৰ্যাতনৰ বলি হোৱা মহিলাক আশ্ৰয় প্ৰদান কৰা, চিকিৎসাৰ ব্যৱস্থা কৰা, মানসিকভাৱে সবল হোৱাত সমৰ্থন আগবঢ়োৱা, আইনী প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱাকে ধৰি সকলো ধৰণৰ সহায় কৰে 'সখী'য়ে। ২০১৫ চনৰ ১ এপ্ৰিলৰ পৰা এই আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। দেশৰ ভিন্ন প্ৰান্তত 'সখী' একক অৱস্থান কেন্দ্ৰও মুকলি কৰা হৈছে।