ধেমাজি ,ৰঙাপৰাঃ 31 জুলাই : ধেমাজিত পুনৰ জীয়াঢলৰ তাণ্ডৱ । যোৱা দুদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত পুনৰ ওফন্দি উঠিছে জীয়াঢলৰ জলস্তৰ । ফলত বুধবাৰে পুৱাৰে পৰা বাঢ়িবলৈ ধৰা বাঢ়নী পানীয়ে ন ন অঞ্চল প্লাবিত কৰাৰ লগতে বুৰাই পেলাই কেইবাটাও পথ । তীব্ৰ গতিত বাঢ়ি অহা বাঢ়নী পানীৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে বাতিল কৰা হৈছে ৰে'ল সেৱা । সেইদৰে চমজানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দিহিৰি - কেঁকুৰি বৃহত্তৰ অঞ্চলটোলৈ যোৱা অতি গুৰুত্বপূৰ্ণ পথটোৰ ওপৰে পানী বাগৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে । এইবাৰ বানত কেৱল ধেমাজি ৰাজহচক্ৰৰ ত্ৰিশ খনৰো অধিক গাওঁ ক্ষতিগ্ৰস্ত হৈছে ।
আনহাতে আকৌ মঙলবাৰে নিশাৰে পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত কালনী নদীৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিলে ৰঙাপৰাৰ মোলানপুখুৰী জংঘলবস্তি গাঁও । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা গাঁওখনলৈ যোৱা মূল পথচোৱাত পানী বৃদ্ধি হোৱাত যমৰ যাতনা ভূগিব লগা হৈছে ৰাইজে ৷ ২ নং মোলানপুখুৰী জংঘলবস্তি গাঁওখনত বসবাস কৰি থকা ১৫০ টা পৰিয়ালৰ ঘৰৰ ভিতৰত পানী সোমোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ । একাংশ ৰাইজে উপায়হীন হৈ বিচনাৰ ওপৰতে অতি কষ্টেৰে ভাত ৰান্ধিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷