ETV Bharat / state

ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ

ধেমাজিত উপস্থিত হোৱাৰ লগে লগে প্ৰাক্তন আছু নেতা গৰাকীক ধেমাজি তিনিআলিৰ পৰা গায়নে বায়নে আদৰি আনে ধেমাজি জিলা আছু কাৰ্যালয়ৰ শ্বহীদ উদ্যানলৈ ৷ শ্বহীদ উদ্যানত বন্তি প্ৰজ্বলন কৰি সেৱা লোৱাৰ পিছত পুনৰ সমদলৰ মাজেৰে ধেমাজি কাছাৰী ময়দানৰ বিদায় অনুষ্ঠানলৈ আদৰি নিয়ে ৷

author img

By

Published : Dec 9, 2020, 10:40 PM IST

ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ
ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ

ধেমাজি,9 ডিচেম্বৰঃ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বুধবাৰে ধেমাজি কৰছাৰী ময়দানত আয়োজিত এক অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ বিদায় সম্বৰ্ধনা জনায় ৷

উল্লেখযোগ্য যে, ধেমাজিত উপস্থিত হোৱাৰ লগে লগে প্ৰাক্তন আছু নেতা গৰাকীক ধেমাজি তিনিআলিৰ পৰা গায়নে বায়নে আদৰি আনে ধেমাজি জিলা আছু কাৰ্যালয়ৰ শ্বহীদ উদ্যানলৈ ৷ শ্বহীদ উদ্যানত বন্তি প্ৰজ্বলন কৰি সেৱা লোৱাৰ পিছত পুনৰ সমদলৰ মাজেৰে ধেমাজি কাছাৰী ময়দানৰ বিদায় অনুষ্ঠানলৈ আদৰি নিয়ে ৷

ধেমাজি জিলা আছুৰ সাধাৰণ সম্পাদক কল্যান গগৈয়ে বিদায়ী অনুষ্ঠান আঁত ধৰাৰ পিছত মঞ্চত বিদায়ী প্ৰাক্তন সম্পাদকগৰাকীয়ে ৰাইজক উদ্দেশ্য ভাষণ আগবঢ়াই ৷ ভাষণ প্ৰসংগত লুৰিণজ্যোতি গগৈয়ে কয়, আপোচবিহীন সংগ্ৰামী যাত্ৰা ধেমাজিৰ পৰাই আৰম্ভ হেছিল ৷ নিজৰ জাতীয় জীৱনৰ আপোচবিহীন সৈনিকৰ হোৱাৰ সপোনৰ বাস্তৱ ৰূপ দিবৰ বাবে যি চাৰিটা খোজ দিছে সেয়া সম্ভৱ হৈছে ৰাইজৰ মৰম চেনেহৰ বাবে ৷ লগতে বিদায় ল’ব খোজা নাই যদিও নতুন ঠিকনাৰ বাবে নতুন যাত্ৰাৰে আগন্তুক দিনত আগবাঢ়ি গৈ সকলোৱে এটা বিন্দুত উপনীত হ’ব লাগিব বুলি মন্তব্য কৰে গগৈয়ে ৷

লগতে পঢ়কঃ আঞ্চলিকতাবাদী পোছাক পিন্ধিলে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ নেতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.