ETV Bharat / state

Mising Autonomous Council:মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ ২১ টা উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন ৷

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 10:12 AM IST

development scheme of Mising Autonomous Council
মিচিং স্বায়ত্তশাসিত পৰিষদ
মিচিং স্বায়ত্তশাসিত পৰিষদ

জোনাই, ৯ অক্টোবৰ : মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ ২১ টা উন্নয়ন আঁচনিৰ আধাৰশিলা স্থাপন কৰা হয় । মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৭ নং পৰিষদীয় সমষ্টিৰ সদস্যা ভৱানী দুৱৰাই দেওবাৰ আৰু সোমবাৰে আঁচনিসমূহৰ আধাৰশিলা স্থাপন কৰে ।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ পুঁজিৰে লামাজান জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১৫ লাখ টকা, ৩ নং বালিগঢ়া ৰাজহুৱা ভৱন নিৰ্মাণৰ বাবে ৯ লাখ টকা, চমকং পাগৰ' কয়ুমৰ মূৰং নিৰ্মাণৰ বাবদ ৮ লাখ টকা, ৰংপুৰীয়া বৰনামঘৰ নিৰ্মাণৰ বাবে ৬ লাখ টকা, চমকং কেৱলীয়া নামঘৰ নিৰ্মাণৰ বাবে ৫ লাখ টকা, ১ নং চিমেন চাপৰি কালি মন্দিৰ নিৰ্মাণৰ বাবদ ৫ লাখ টকা, হাউলীপাম বড়ো প্ৰাথমিক বিদ্যালয় নিৰ্মাণৰ বাবে ৫ লাখ টকা, চিমেন চাপৰি শিল্পী সংঘ উন্নয়নৰ বাবে ৫ লাখ টকা, চিমেন চাপৰি আছুৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ৫ লাখ টকা, চিমেন চাপৰি মহাবিদ্যালয়ৰ খেলপথাৰ উন্নয়নৰ বাবে ১০ লাখ টকা আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ১১ টা নামঘৰ উন্নয়নৰ বাবে দুই লাখকৈ ২২ লাখ টকাৰে নিৰ্মাণ হ’ব লগা আঁচনি কেইখনৰ আধাৰশিলা স্থাপন কৰে এম এচি ৰ ই এম ভৱানী দুৱৰাই ।

আধাৰশিলা স্থাপন কৰি দিয়া চমু ভাষণত দুৱৰাই কয় মিচিং স্বায়ত্তশাসিত পৰিষদে অসম চৰকাৰৰ আৱন্টিত তাকৰীয়া পুঁজিৰে পিছপৰা অঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত আঁচনিসমূহ গ্ৰহণ কৰি সঠিকভাৱে ৰূপায়ণৰ প্ৰচেষ্টা চলাই থকা হৈছে বুলি উল্লেখ কৰে ৷ ৰাইজক চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত চোকা নজৰ ৰাখি চৰকাৰী ধনৰ অপছয় নকৰিবলৈ আহ্বান জনাই তেওঁ ।

আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত এম এম কেৰ জোনাই জিলা সমিতিৰ সহকাৰী সম্পাদক কুমেশ্বৰ মৰাং, সন্মিলিত গণশক্তি অসমৰ কেন্দ্ৰীয় সদস্য পদ্মনাথ চাৰহ, জোনাই খণ্ড শক্তিৰ সদস্য বিনন্দ শইকীয়া, চিমেন চাপৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক কৃঞ্চ গগৈ, মিচিং আগম কৌবাঙৰ চমকং আঞ্চলিক সমিতিৰ উপ সভাপতি হেম বড়ি, টি এম পি কেৰ চমকং আঞ্চলিক সমিতিৰ প্ৰাক্তন সম্পাদক ৰমাই মিপুন প্ৰমুখ্যে বহু সংখ্যক স্থানীয় গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : Guest house inaugurated at Simen Chapori:চিমেন চাপৰিত নকৈ নিৰ্মিত অতিথি গৃহ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.