ধেমাজি, 29 জুলাই : বানেধোৱা ধেমাজিৰ অধিকাংশ অঞ্চল আজিও পানীৰ তলত ৷ ধেমাজিত অব্যাহত আছে জীয়াঢলৰ কাংকু সুঁতিৰ তাণ্ডৱ ৷ ঘৰৰ ভিতৰত পানী শুকাইছে যদিও চোতাল-বাৰী সকলোতে কেৱল পানী মাথোঁ পানী ৷
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, জীয়াঢল চাৰি আলিৰ পৰা ন আলি ভজু গাঁৱলৈকে প্ৰায় এক কিলোমিটাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে আজিও বাগৰিয়ে আছে পানী ৷ পানী বাগৰা ঘাইপথেৰে গধুৰ যান-বাহন চলাচল অব্যাহত আছে ৷ অৱশ্যে বাতৰি যুগুত কৰা পৰলৈকে লঘু যান-বাহনসমূহ বিকল্প পথেৰে যোৱা নিৰ্দেশ বাহাল আছে ৷
![Flood in Dhemaji](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-07-2023/as-dmj-01-dhemaji-flood-update-visbyte-as10021_29072023093451_2907f_1690603491_493.jpg)
ইপিনে বানৰ কবলত পৰি হাহাঁকাৰ কৰিবলগীয়া হৈছে জীয়াঢল চাৰিআলিৰ সমীপৰ ন আলি ভজু গাঁওবাসী ৷ খবৰ লোৱা নাই জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ লোকে ৷ মাত্ৰ কেইপদমান বান সাহাৰ্য দিয়েই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে বন্যাৰ্তই ৷
লগতে পঢ়ক : Flood affected people in Dhemaji: জীয়াঢলৰ বাঢ়নী পানীয়ে দুৰ্বিষহ কৰি তুলিছে ধেমাজিবাসীৰ জীৱন
উল্লেখ্য যে, শুকুৰবাৰলৈকে চৰকাৰীভাৱে প্ৰকাশ কৰা তথ্য মতে, ধেমাজি ৰাজহ চক্ৰৰ কেবাখনো গাঁও ক্ৰমে চেঙেলী পথাৰ, দিহিঙীয়া ব্লক, চাংমাই দলনি, দিহিৰি চাপৰি, ন আলি ভজু গাঁও আদি পানীৰ তলত বুৰ গৈছে ৷ সেইদৰে জোনাই ৰাজহ চক্ৰত 12 খন, চিচিবৰগাঁও ৰাজহ চক্ৰত 12 খনসহ মুঠ 28 খন আৰু তিনিটা ৰাজহ চক্ৰত মুঠ 8891 গৰাকী লোক বানত আক্ৰান্ত হৈছে ৷ তথ্য অনুসৰি, 176 02 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ৷
![Flood in Dhemaji](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-07-2023/as-dmj-01-dhemaji-flood-update-visbyte-as10021_29072023093451_2907f_1690603491_249.jpg)
স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি, এই বাঢ়নী পানীৰ ফলত ন আলি ভজু গাঁৱৰ বহুলোকৰ ঘৰৰ ভিতৰত সোমাইছে পানী ৷ যাৰ ফলত খোৱাপানীৰ পৰা আদি কৰি খাদ্যৰো নাটনি হৈছে ৷ ইফালে পশুধনৰো বিলাই বিপত্তি হৈছে ৷
লগতে পঢ়ক : Flood effect in Assam : ধেমাজিত কমা নাই বান, জিলা প্ৰশাসনৰ পথ নিৰ্দেশনা জাৰি