জোনাই, ৭ জানুৱাৰী: “প্ৰস্তাৱিত চিচিবৰগাঁও সমষ্টি সংৰক্ষণমুক্ত কৰাৰ দাবীত আজি চিলাপথাৰৰ চ্যুকাফা ভৱনত বিভিন্ন জাতি-জনগোষ্ঠীৰ নেতাসকলৰ উপস্থিতিত এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰা দাবী সমিতিৰ সভাপতি তিলক ফুকনৰ সভাপতিত্বত এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় । এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উক্ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ পাছতেই প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰা দাবী সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে ।
সংবাদমেলৰ যোগেদি দাবী সমিতিয়ে প্ৰস্তাৱিত চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত কৰাৰ দাবী তোলে । দাবী সমিতিয়ে উল্লেখ কৰে যে, এই সমষ্টিটোত ৭৭ শতাংশ অজনজাতীয় লোক আৰু ২৩ শতাংশ জনজাতীয় লোক আছে । ইফালে ধেমাজিত পূৰ্বৰ দুয়োটা সমষ্টিয়ে জনজাতি লোকৰ বাবে সংৰক্ষিত হৈ আছে । সেয়েহে জিলাখনৰ এই তিনি নম্বৰ সমষ্টিতো সংৰক্ষণমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় দাবী সমিতিয়ে ।
প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰা দাবী সমিতিয়ে এইক্ষেত্ৰত ইতিমধ্যে বিভিন্ন জাতীয় সংগঠনসমূহেও সমৰ্থন আগবঢ়োৱাৰ কথা সংবাদমেলত সদৰী কৰে ৷ তেওঁলোকে লগতে সংবাদমেলত উল্লেখ কৰে যে, সমষ্টিটো জনজাতীয় লোকৰ বাবে সংৰক্ষিত কৰাৰ বাবে কোনো চক্ৰই ভুল মেপ তৈয়াৰ কৰিবলৈও চেষ্টা কৰিছে । দাবী সমিতিয়ে সেইসকলক সুমতি ঘূৰাই অহাৰ প্ৰাৰ্থনা কৰাৰ লগতে দাবী সমিতিৰ লগ হৈ শুদ্ধ ৰূপত কাম আগবঢ়াই নিবলৈ অনুৰোধ জনায় ।
চিচিবৰগাঁও বিধানসভা সমষ্টিটোক সংৰক্ষণমুক্ত কৰাৰ বাবে প্ৰস্তাৱিত চিচিবৰগাঁও বিধানসভা সমষ্টিক সংৰক্ষণমুক্ত কৰা দাবী সমিতিয়ে যিকোনো পন্থা গ্ৰহণ কৰিবলৈ সাজু থকাৰ কথা উল্লেখ কৰে ৷ তেওঁলোকে ইয়াৰ বাবে ব্যাপক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে প্ৰয়োজনত আইনী পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷
ইফালে প্ৰস্তাৱিত চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্ত কৰাৰ বাবে দাবী সমিতিয়ে আগবঢ়াই অহা কাম কাজৰ সৈতে স্থানীয় বিধায়ক ভুৱন পেগু আৰু ধেমাজি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Education Minister Ranoj Pegu) সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছে বুলি শলাগ লয় সমিতিয়ে । সংবাদমেলত গিৰিণ চুতীয়া, ৰাণীমা গগৈ, ক্ষীৰোদ ভূঞা, দুলাল বৰুৱা, ৰাজীৱ গগৈ, ভাস্কৰ দুৱৰা আদিকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: Dhemaji murder : অৰুণাচলৰ প্ৰাক্তন SPক গুলীয়াই হত্যা অসমৰ ASIৰ