ETV Bharat / state

সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী - Sonowal Kachari Autonomous Council

সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ । বুধবাৰে সন্থাৰ নৱগঠিত চিলাপথাৰ আঞ্চলিক সমিতিয়ে কাৰ্যভাৰ গ্রহণ কৰি এই দাবী উত্থাপন কৰে ।

Demand for inclusion of Sonowal Kachari Autonomous Council in sixth schedule
সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 1:41 PM IST

সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী

জোনাই,১৪ ডিচেম্বৰ: চিলাৰপথাৰৰ নৱজ্যোতি আদৰ্শ গাঁৱস্থিত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা । সন্থাৰ সাংগঠনিক সম্পাদক চন্দন সোণোৱালে পৰিচালনা কৰা সভাৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই চিলাপথাৰ আঞ্চলিক সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বিদায়ী সাধাৰণ সম্পাদক বিপুল সোণোৱালে ।

বুধবাৰে অনুষ্ঠিত হোৱা সভাতে ১০ ডিচেম্বৰ তাৰিখে সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই জান্তু সোণোৱালক সভাপতি, শান্তিৰাম সোণোৱাল, ভাস্কৰ সোণোৱাল, ভদ্ৰ সোণোৱালক উপ-সভাপতি, ৰবীন্দ্ৰ কছাৰীক সাধাৰণ সম্পাদক, হীৰেশ্বৰ সোণোৱাল, মন্টু সোণোৱালক সহকাৰী সাধাৰণ সম্পাদক, ঋতুপৰ্ণ সোণোৱালক শিক্ষা সম্পাদক, যুগল সোণোৱাল, চিনু বড়া,অনুপম সোণোৱালক ক্ৰীড়া সম্পাদক, শৰৎ সোণোৱালক তথ্য আৰু প্ৰচাৰ, লীমা সোণোৱাল, সোণমণি সোণোৱাল, নয়ণা সোণোৱাল, বিজয়া সোণোৱালক সাংস্কৃতিক সম্পাদিকা, আনন্দ সোণোৱালক বিত্ত সম্পাদক, বিশ্বজিৎ সোণোৱালক মুখ্য সাংগঠনিক, তপন সোণোৱাল, অৰুণ সোণোৱাল, মানৱ সোণোৱাল, ললিত সোণোৱালক সাংগঠনিক সম্পাদক, মৃদুল সোণোৱালক উপদেষ্টা হিচাপে লৈ গঠন কৰা চিলাপথাৰ আঞ্চলিক সোণোৱাল কছাৰী ছাত্র সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিখনে কাৰ্যভাৰ গ্রহণ কৰে ।

নৱগঠিত সমিতিখনৰ বিষয়ববীয়া, সদস্য সকলক শপত বাক্য পাঠ কৰোৱাই সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱালে । সভাত আমন্ত্ৰিত অতিথি হিচাপে সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থাৰ তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰশান্ত সোণোৱাল, কাৰ্য্যালয় সম্পাদক প্ৰফুল্ল কছাৰী, ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুপৱণ সোণোৱাল, উপ-সভাপতি পবিত্ৰ ঢেকিয়াল, সহকাৰী সাধাৰণ সম্পাদক দুলেন সোণোৱাল, কাৰ্যালয় সম্পাদক প্ৰণৱ বৰশইকীয়া । সভাই সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, চিলাসূঁতি, গাই নদীৰ স্থায়ী বান নিয়ন্ত্ৰণ কৰা, ব্ৰহ্মপুৰৰ পৰা কলৌলোৱা সংযোগী পথৰ ঘগৰা নদীৰ ওপৰত শীঘ্ৰে দলং নিৰ্মাণ কৰাৰ দাবী জনায় ।

লগতে পঢ়ক: ধেমাজিত সাংসদ উন্নয়ন পুঁজিৰ সমূহীয়া ভৱন নিৰ্মাণত অনিয়ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.