জোনাই,২২ নৱেম্বৰ: সমগ্ৰ ৰাজ্যৰ চুকে-কোণে আলি-আয়ে-লৃগাঙত মিচিং সমাজে ৰাজ্যিক বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে জোনাইতো বুধবাৰে জোনাই টাউন ক্লাৱ প্ৰাংগনৰ পৰা জোনাই মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়লৈ আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী উলিয়াই । অসম কেবিনেটত সিদ্ধান্ত লোৱা অসমৰ দহখন জিলাত আলি-আয়ে-লৃগাঙত বন্ধ ঘোষণাক লৈ কোনোপধ্যেই মিচিং সচেতন ৰাইজে মানি লোৱা নহ'ব বুলি উল্লেখ কৰি অতি শীঘ্ৰে ৰাজ্যিক বন্ধৰ দাবী উত্থাপন কৰে ।
ইফালে মিচিংসকলৰ প্ৰদান উৎসৱ আলি-আয়ে-লৃগাঙক লৈ শাসনাধিষ্ট বিজেপি চৰকাৰখনে ৰাজনীতি কৰা বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত ইয়াৰ উচিত শিক্ষা প্ৰদান কৰা হ'ব বুলিও সকীয়াই দিয়ে । শতাধিক মিচিং সচেতন ৰাইজৰ উপস্থিতিত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে'-কাৰ্ড লৈ অসম চৰকাৰ হায় হায়, আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰক, ৰণোজ পেগু কাম নাই, ভূৱন পেগু কাম নাই শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল হৈ উঠে । অতিশীঘ্ৰে মিচিংসকলৰ আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধৰ দাবীত জোনাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ।
উল্লেখ্য যে, আলি-আয়ে-লৃগাঙত মাত্ৰ দহখন জিলাত বন্ধ ঘোষণা কৰাৰ পাছতেই সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন । প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ । ইপালে মিচিং জনগোষ্ঠীৰ ৰাইজৰ ৰোষত পৰিছে মন্ত্ৰী ৰণোজ পেগু । বিধায়ক ভূৱন পেগু, বিধায়ক ভূৱন গাম, বিধায়ক নৱ দলেই এইক্ষেত্ৰত নিমাত হৈ থকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে মিচিং জনগোষ্ঠীৰ ৰাইজে । পিছে দল-সংগঠনৰ প্ৰতিবাদক চৰকাৰে কি দৰে লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।
লগতে পঢ়ক: কৰ সংগ্ৰহৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ আজব নিৰ্দেশনা জাৰি, কংগ্ৰেছৰ তীব্ৰ প্ৰতিক্ৰিয়া