ETV Bharat / state

Deforestation in Assam : উন্নয়নৰ নামত জোনাইত বন বিভাগৰ বন ধ্বংসযজ্ঞ !

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 2:31 PM IST

Updated : Oct 19, 2023, 2:58 PM IST

উন্নয়নৰ নামত আৰু পৰিৱেশ ধ্বংস কিমান গ্ৰহণযোগ্য ? ধেমাজি জিলাৰ জোনাই মহকুমাৰ কুলাজানৰ পৰা অৰুণাচল প্ৰদেশৰ অয়ানলৈ ফ’ৰলেন সম্প্ৰসাৰণৰ নামত কিমান গছ কাটিব !

Deforestation at Jonai
উন্নয়নৰ নামত আৰু পৰিৱেশ ধ্বংস কিমান গ্ৰহণযোগ্য
উন্নয়নৰ নামত জোনাইত বন বিভাগৰ বন ধ্বংসযজ্ঞ !

জোনাই, ১৯ অক্টোবৰ : ৰাজ্যত পথ সম্প্ৰসাৰণৰ নামত পুনৰ আৰম্ভ বন ধ্বংসযজ্ঞ । ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ তথা উন্নয়নৰ নামত জোনাইত বন বিভাগে ধ্বংস কৰিছে হাজাৰ হাজাৰ গছ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাণৰ বাবেই এই ধ্বংস যজ্ঞ চলাইছে বনবিভাগে ৷ এই অভিযোগ প্ৰকৃতিপ্ৰেমীৰ ৷

সকলোৰে জ্ঞাত যে, কুলাজানৰ পৰা অয়ানলৈ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা ফ’ৰলেনলৈ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰা হৈছে ৷ লক্ষীপথাৰ-বৰদণ্ডীৰ এজাৰ গছবোৰেই নহয়, কুলাজানৰ পৰা অয়ানলৈ প্ৰায় ৮০ কিলোমিটাৰ দৈৰ্ঘৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰৰ অসংখ্য গছ-গছনি শীঘ্ৰেই কটা হ’ব ।

ইপিনে গুৰুত্বপূৰ্ণ বিষয় যে ধেমাজি জিলাৰ স্বাভিমান, একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘৰে পাৰ হৈছে । পবা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘৰ ঘাইপথচোৱাৰ দুয়োপাৰে অসংখ্য সেউজীয়া গছ-গছনি কাটি খাস্তাং কৰিব । মুঠতে ফ’ৰলেন সম্প্ৰসাৰণৰ নামত এতিয়া ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে থকা সেউজীয়া মূল্যৱান গছ-গছনি কাটি তহিলং কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

উন্নয়নৰ নামত যেন মানুহে আত্মঘাতীৰ পথ বাছি লৈছে । আমাক ৰাস্তা লাগে, উন্নয়ন লাগে । কিন্তু পৰিৱেশ ধ্বংস কৰি, সেউজীয়া অগণন পৈণত-অপৈণত গছ-গছনি কাটি কৰা উন্নয়নে আমাক ক'লৈ লৈ যাব ? বহনক্ষম উন্নয়নত আমি কেতিয়া গুৰুত্ব দিবলৈ শিকিম । সেউজীয়া পৈণত-অপৈণত শ শ গছ-গছনিক ৰক্ষা কৰিও পথ নিৰ্মাণৰ বিকল্প ব্যৱস্থা নাইনে ?

চৰকাৰ তথা বন বিভাগে সময়ে সময়ে উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংসৰ ফলত উষ্ণতা বৃদ্ধিকে আদি কৰি প্ৰকৃতিৰ ভাৰসাম্যত বাৰুকৈয়ে প্ৰভাৱ পৰিছে । এই গছসমূহ কাটি তহিলং কৰাৰ পাচত ইয়াৰ বিপৰীতে যিমান গছ ৰোপণ কৰিব লাগিছিল সেই পৰিমাণৰ গছ ৰোপণ কৰা নকৰাৰ বাবেই বন বিভাগৰ এই কাৰ্যক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় প্ৰকৃতিপ্ৰেমীসকল ।

জোনাইৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই থকা শাৰী-শাৰী হাজাৰ গছসমূহে প্ৰকৃতিৰ ভাৰসাম্যত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলোৱাৰ পৰিপ্ৰেক্ষিততেই উন্নয়নৰ নামত বনবিভাগে বৃহৎ পৰিমাণৰ শালগছ ধ্বংস কৰাত মুঠেই সন্তুষ্ট নহয় অঞ্চলবাসী । ফ’ৰলেন সম্প্ৰসাৰণৰ নামত গছ কাটি ধ্বংস কৰা খবৰে বাৰুকৈয়ে মৰ্মাহত কৰিছে অঞ্চলবাসীৰ লগতে প্ৰকৃতিপ্ৰেমীক ।

অঞ্চলবাসীৰ তথা প্ৰকৃতিপ্ৰেমীৰ দাবী এই বনধ্বংস যজ্ঞৰ বাবে দুগুণ পৰিমাণৰ গছ ৰোপণ কৰক চৰকাৰ তথা বন বিভাগে ৷

লগতে পঢ়ক : Lovlina observing Kati Bihu : শিপা নাপাহৰা বক্সাৰ লাভলীনাই তুলসী তলত চাকি জ্বলাই কুশল কামনা কৰিলে অসমবাসীৰ

Last Updated : Oct 19, 2023, 2:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.