ETV Bharat / state

Deforestation in Assam: বৰ্ষাৰণ্য ধ্বংস কৰি উন্নয়নৰ নামত পথ সম্প্ৰসাৰণ

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 4:59 PM IST

‘জোনাইত পথ সম্প্ৰসাৰণৰ নামত পবা বৰ্ষাৰণ্যত আঁচোৰ পৰিবলৈ দিয়া নহ’ব’- সকীয়নি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ ৷ উন্নত ৰাষ্ট্ৰসমূহৰ দৰে বিকল্প ব্যৱস্থা গ্ৰহণৰ আহ্বান চৰকাৰক AJYCP সভাপতি জ্ঞান শৰ্মাৰ ৷ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাণৰ নামত ধ্বংস কৰা হ’ব নেকি পবা বৰ্ষাৰণ্য ?

Deforestation at jonai to expand road
ঘাইপথ সম্প্ৰসাণৰ নামত জোনাইত ধ্বংস
ঘাইপথ সম্প্ৰসাণৰ নামত জোনাইত ধ্বংস

জোনাই, 20 অক্টোবৰ : ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাণৰ নামত জোনাইত ধ্বংস যজ্ঞ বনবিভাগৰ । কুলাজানৰ পৰা অয়ানলৈ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা ফ’ৰলেনলৈ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰা হৈছে ৷ লক্ষীপথাৰ-বৰদণ্ডীৰ এজাৰ গছবোৰেই নহয়, কুলাজানৰ পৰা অয়ানলৈ প্ৰায় ৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰৰ অসংখ্য গছ-গছনি শীঘ্ৰে কাটি খাস্তাং কৰিব বুলি জানিব পৰা গৈছে ।

ইপিনে গুৰুত্বপূৰ্ণ বিষয় যে ধেমাজি জিলাৰ স্বাভিমান, একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰে পাৰ হৈছে । এতিয়া পবা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথছোৱাৰ দুয়োপাৰে থকা অসংখ্য সেউজীয়া গছ-গছনি কাটি তহিলং কৰা হ’ব । এই সন্দৰ্ভত জোনাইত শুকুৰবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই কয় যে, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদ উন্নয়ন বিৰোধী নহয় ৷

৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে শতিকা জুৰি প্ৰকৃতিৰ অপৰূপ ৰূপ লাৱণ্যৰে পৰিপূৰ্ণ হৈ থকা বৃহত্তৰ তেলাম অঞ্চলৰ দুয়োপাৰে থকা আজাৰ গছসমূহ ফ’ৰলেন কৰাৰ নামত এফালৰ কাটি ধংস কৰি পেলোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয় ৷ উন্নয়নৰ নামত জৈৱ বৈচিত্ৰৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংশ পবা বৰ্ষাৰণ্যত আচোঁৰ পৰিবলৈ দিয়া নহ’ব ৷ প্ৰয়োজন হ’লে উন্নত ৰাষ্ট্ৰসমূহৰ দৰে বিকল্প ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে সংগঠনটোৱে চৰকাৰক ৷ অন্যথা উচ্চতম ন্যায়লয়ৰ মজিয়ালৈ লৈ যোৱা হ’ব এই স্পৰ্শকাতৰ বিষয়টো ৷ পবা থাকিলেহে জোনাইৰ অস্তিত্ব থাকিব তথা ধেমাজিৰ পৰিচয় থাকিব বুলি প্ৰকাশ কৰে তেওঁলোকে ৷

লগতে পঢ়ক : Deforestation in Assam : উন্নয়নৰ নামত জোনাইত বন বিভাগৰ বন ধ্বংসযজ্ঞ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.