ধেমাজি, 8 অক্টোবৰ: ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত আমুলগুৰি পকী দলঙৰ তলত বৃহস্পতিবাৰে এটা মৃতদেহ উদ্ধাৰ হয় ৷ মৃতদেহটো জীয়াঢল চাৰিআলিৰ বৈদ্য চেলেং (৪৭ ) বুলি চিনাক্তকৰণ কৰা হৈছে ৷ লোকজন যোৱা তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে ৷ ইতিমধ্যে ধেমাজি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পাছতহে এয়া কোনো হত্যাৰ ঘটনা নে দুৰ্ঘটনা সেয়া পোহৰলৈ আহিব ৷
লগতে পঢ়ক :ডিমা হাছাওক মুছলমান মুক্ত কৰাৰ হুংকাৰ দেৱলাল গাৰ্লোচাৰ