ধেমাজি, 31 মাৰ্চ : ধেমাজি জিলাৰ চিচিবৰগাঁও আৰক্ষী চকী অধীনৰ কানীবিল ৰে’লৱে দলঙৰ ৰেলিঙত এজন যুৱকৰ মৃতদেহ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় ৷ ইয়াৰ পাচতে সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্য সৃষ্টি হয় ৷ কোনো লোকে যুৱকজনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ এনেদৰে মৃতদেহটো দলঙৰ ৰেলিঙত ওলোমাই থৈ গৈছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ৷
স্থানীয় লোকে সদৰি কৰা মতে শ্ৰীপানী পঞ্চায়তৰ অধীনৰ কামচি নপাম গাঁৱৰ জিতেন গগৈৰ ২৪ বছৰীয়া পুত্ৰ মাইনা গগৈ নামৰ যুৱক জনে যোৱা নিশা ওচৰৰে জপৰা গাঁৱত ভাওনা চাবলৈ গৈছিল । কিন্তু নিশা ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে ফোনযোগে যোগাযোগ কৰিব নোৱাৰি বিচাৰ খোচাৰ কৰে ।
অৱশেষত ঘৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ দূৰৈত কাণীবিলৰ ৰে’লৱে দলং নম্বৰ ৭০৩ ৰ তলত যুৱক জনৰ মৃত দেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পাচতে স্থানীয় আৰক্ষীক খবৰ দিয়া হয় ৷ ঘটনাস্থলীত চিচিবৰগাঁও আৰক্ষী আৰু ধেমাজিৰ ৰেলৱে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
লগতে পঢ়ক: প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া COVID-19 ত আক্ৰান্ত