ETV Bharat / state

দিখাৰী নৈত মাছ মাৰিবলৈ গৈ এজনৰ সলিল সমাধি

author img

By

Published : Sep 3, 2020, 10:20 PM IST

ধেমাজিৰ দিখাৰী নদীত মাছ মাৰিবলৈ গৈ এজন লোকৰ সলিল সমাধি ৷ মৃত্যু হোৱা লোকজন চিলাপথাৰ থানাৰ অন্তৰ্গত দিপা বগৰীগুৰী গাঁৱৰ পুতুল বসুমতাৰীৰ পুত্ৰ ৰাজা বসুমতাৰী বুলি জানিব পৰা গৈছে ৷

Dead body Recovered In Dhemaji
দিখাৰী নদীত মাছ মাৰিবলৈ গৈ এজনৰ সলিল সমাধি

জোনাই, 3 ছেপ্তেম্বৰ : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে ধেমাজি জিলাৰ দিখাৰী নৈত মাছ মাৰিবলৈ গৈ এজনৰ লোকৰ সলিল সমাধি ঘটে । চিলাপথাৰ থানাৰ অন্তৰ্গত দিপা বগৰীগুৰী গাঁৱৰ পুতুল বসুমতাৰীৰ পুত্ৰ ৰাজা বসুমতাৰীয়ে গাঁওখনৰ পাঁচ গৰাকী লগৰীয়াৰ সৈতে মিছামৰা অঞ্চলৰ নাওকাটা গাঁৱৰ সমীপৰ দিখাৰী নৈত মাছ মাৰিবলৈ যোৱাৰ সময়ত উক্ত দুৰ্ঘটনা সংঘটিত হয় ৷

তথ্য অনুসৰি, মাছমৰীয়াৰ দলটোৰ এজনে দিখাৰী নৈ সাঁতুৰি পাৰ হৈ যোৱাৰ পিচত ৰাজা বসুমতাৰী নামৰ লোকজনে নদীখন পাৰ হ’বলৈ লওঁতে নৈৰ সোঁতে উটুৱাই নিয়ে তেওঁক । ওচৰতে থকা এজন লগৰীয়াই ৰাজা বসুমতাৰীক বচাবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল লোকজনক । ইফালে, ঘটনা সংঘটিত হোৱাৰ পিচত গাঁৱৰ ৰাইজে ৰাতিপুৱা 10.30 বজাত ৰাজা বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ৰাজা বসুমতাৰীৰ মৃত্যুত পৰিয়ালৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ৷

উল্লেখ্য যে, মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটা ৰাজা বসুমতাৰীয়ে পিতৃ-মাতৃ,পত্নীৰ লগতে তিনি সন্তানক ইহসংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক : টকা নিদিলে কাম নহয় এটা আধাৰ কাৰ্ড কেন্দ্ৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.