ETV Bharat / state

গুৱাহাটীৰ পৰা যোৱা ব্যক্তিৰ বিনা অনুমতিত প্ৰৱেশ নিষেধ ধেমাজিত - কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ

গুৱাহাটীৰ পৰা কোনো লোক ধেমাজিলৈ গলে বিনা অনুমতিত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব জিলাখনত । আগতীয়াকৈ জিলাখনৰ কন্ট্ৰল ৰূমত ফোন কৰি ল'ব লাগিব অনুমতি । লগতে 14 দিন হোম কোৱাৰাইণ্টাইনত থাকিব লাগিব ।

DC office order to migrant from guwahati

author img

By

Published : Jul 9, 2020, 10:24 PM IST

ধেমাজি , 9 জুলাইঃ গুৱাহাটী মহানগৰীত বৃদ্ধি পোৱা কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণৰ ফলত চিন্তিত হৈ পৰিছে অসমৰ বিভিন্ন জিলা । গুৱাহাটীৰ পৰা আন জিলাসমূহলৈ যাতে কৰ'ণাৰ গণ সংক্ৰমণ বিয়পিব নোৱাৰে তাৰ বাবে ইতিমধ্যে বহু জিলাই গুৱাহাটীৰ পৰা আহ-যাহ বন্ধ কৰি দিছে । ধেমাজি জিলা প্ৰশাসনেও এই ক্ষেত্ৰত লৈছে বিশেষ ব্যৱস্থা । সেই অনুসৰি গুৱাহাটীৰ পৰা কোনো লোক ধেমাজিলৈ গলে বিনা অনুমতিত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব জিলাখনত ।

DC office order to migrant from guwahati
বিনা অনুমতিত প্ৰৱেশ নিষেধ ধেমাজিত

সেই অনুসৰি গুৱাহাটীৰ পৰা অহা কোনো ব্যক্তিয়ে ধেমাজি জিলাত প্ৰৱেশৰ আগতেই জিলা প্ৰশাসনৰ কন্ট্ৰল ৰুমৰ নম্বৰ 1077 বা লেণ্ড লাইন নম্বৰ 03753- 224014 ত কল কৰি পূৰ্বতেই অনুমতি ল'ব লাগিব ।

ইয়াৰ ওপৰিও গুৱাহাটীৰ পৰা যোৱা লোকসকলে 14 দিনৰ বাবে হোম কোৱাৰাইণ্টাইনত থাকিব লাগিব । জিলা উপায়ুক্তই এই সম্পৰ্কীয় জাননী ইতিমধ্যে জাৰি কৰিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.