ETV Bharat / state

মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ ঘেৰাও জোনাই থানা - পৰিস্থিতি

জোনাইত শুকুৰবাৰে এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক লৈ জোনাই থানাত উত্তপ্ত পৰিস্থিতি ৷ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতি ৷ চ’ছিয়েল মিডিয়াত পোষ্ট ভাইৰেল ৷

jonai woman death
জোনাইত মহিলাৰ মৃত্যু
author img

By

Published : Dec 19, 2020, 12:37 PM IST

জোনাই,19 ডিচেম্বৰ : শুকুৰবাৰে মহিলাৰ মৃত্যুক লৈ জোনাই আৰক্ষী থানাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ একাংশ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতি পৰিলক্ষিত হয় ৷

ঘটনা অনুসৰি, জোনাই থানাৰ অন্তৰ্গত কাৰ্দং চুক বালিগাঁৱৰ দেবানন্দ মেদক নামৰ লোকজনৰ পুত্ৰ টিংকু মেদকে চ’ছিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট কৰাৰ পাচতে যুৱকজনৰ পত্নী জয়মতী কছাৰীৰ (27) ৰহস্যজনকভাৱে মৃত্যু হয় ৷ সন্ধিয়া প্ৰায় 5 বজাত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পাচতে ঘটনাৰ খবৰ বিয়পি পৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷

Takam Mising Porin Kebang চমুকৈ টিএমপিকে সংগঠনটোৱে এজাহাৰ দাখিল কৰাৰ পাচত জোনাই আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক কৃষ্ণ কান্ত শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ দলে তেলমৰ পৰা চেক গেট সাজি অভিযুক্তক আটক কৰে ৷ আনহাতে, অভিযুক্ত যুৱকজনক আৰক্ষীয়ে আটক কৰি থানালৈ নিয়া মূহূৰ্তত শুকুৰবাৰে নিশা প্ৰায় 8.30 বজাত জোনাই আৰক্ষী থানাৰ সন্মুখতে কেইজনমান যুৱকে হত্যকাৰীক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীৰে আৰক্ষীৰ গাড়ীখনৰ ভিতৰতে অভিযুক্তক নমাই আনিবলৈ চেষ্টা কৰে ৷ যাৰ ফলস্বৰূপে আৰক্ষী সৈতে হতাহতি হয় যুৱককেইজনৰ ৷

জোনাইত মহিলাৰ মৃত্যু

পৰৱৰ্তী সময়ত ৰাজ বিকাশ নামৰ এজন আৰক্ষী কনিষ্টবল আৰু বেটেলিয়ন যুৱকৰ সহযোগত থানাৰ চৌহদৰ ভিতৰলৈ আৰক্ষীৰ গাড়ী সোমোৱাই নিবলৈ সক্ষম হয় ৷ কিন্তু ইয়াৰ পাচতো যুৱককেইজনে অভিযুক্তক মাৰপিট কৰিবলৈ চেষ্টা চলায় ৷ উক্ত ঘটনাত জোনাই আৰক্ষী বিষয়া ঋতুৰাজ দলে আৰু টিএমপিকে সংগঠনৰ জ্যেষ্ঠ নেতাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

জানিব পৰা মতে, 2018 চনৰ জানুৱাৰী মাহত লোহিজান গাঁৱৰ নিবাসী দিলীপ কছাৰীৰ পঞ্চম কন্যা সন্তান জয়মতী কছাৰীক টিংকু মেদকে স্ব-ইচ্ছাৰে বিয়া পাতি ডেৰ বছৰ সংসাৰ চলোৱাৰ পাচত দুয়োৰে মাজত মনোমালিন্য ঘটে ৷ কিছুদিন পূৰ্বে টিংকুৱে ফেচবুকত শ্বেয়াৰ কৰা পোষ্টৰ ভিত্তিত পত্নী জয়মতী কছাৰীক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত টিএমপিকে সংগঠনে জোনাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায় ৷ সম্প্ৰতি জোনাই আৰক্ষী থানাই অভিযুক্ত যুৱকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : গৰাখহনীয়াৰ ফলত পথৰ ভিক্ষাৰীত পৰিণত কলগাছিয়াবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.