ETV Bharat / state

কৃত্ৰিম বানত কৃষি পথাৰ: হাহাকাৰ কৃষকৰ - কৃত্ৰিম বানত কৃষি পথাৰ

ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া কৃষক ৰাইজৰ হাহাকাৰ ৷ ইফালে কৃত্ৰিম বানে বুৰালে জোনাইৰ কেইবাখনো গাঁৱৰ কৃষিভূমি ৷ কেইবা শতাধিক কৃষকৰ হাহাকাৰ ৷

cultivation-destroy-in-flood-at-jonai
Flood in Assam : জোনাইত কৃত্ৰিম বানে বুৰালে ধাননি পথাৰ: কেইবা শতাধিক কৃষকৰ হাহাকাৰ
author img

By

Published : May 22, 2022, 1:27 PM IST

জোনাই, 22 মে' : ভয়াৱহ ৰূপ ধাৰণ ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam)৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া কৃষক ৰাইজৰ হাহাকাৰ ৷ আনহাতে জোনাইৰ ৰামধন-দিকাৰী পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ কৃষিভূমিৰ পকাধান বুৰাই পেলাইছে বুঢ়ীসৃতি আৰু দিকাৰী নৈৰ বাঢ়নী পানীয়ে । সম্প্ৰতি ধেমাজি জিলাৰ জোনাইৰ ৰামধন-দিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁও আজিও বানৰ কৱলত ।

বিগত একেৰাহে কেইবাদিনো হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ বুঢ়ীসূতি আৰু দিকাৰী নৈৰ বাঢ়নী পানীয়ে পঞ্চায়তটোৰ ১,২ আৰু ৩ নং জামুগুৰী, ১,২ আৰু ৩ নং জয়পুৰ, ওলুৱনী, মাজগাঁও, ১ নং বিষ্ণুপুৰ আদি কৰি প্ৰায় ৮-৯ খন গাঁৱৰ প্ৰায় শতাধিক পৰিয়ালৰ কৃষিভূমি বুৰাই পেলাইছে বুঢ়ীসূতি আৰু দিকাৰী নৈৰ বাঢ়নী পানীয়ে । লগতে শতাধিক কৃষকৰ শ শ বিঘা কৃষি ভূমি পানীয়ে প্লাবিত কৰি ৰখাৰ ফলত ধান খেতি সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ ফলত কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে (Cultivation destroy in flood at Jonai)।

Flood in Assam : জোনাইত কৃত্ৰিম বানে বুৰালে ধাননি পথাৰ: কেইবা শতাধিক কৃষকৰ হাহাকাৰ

ইফালে, পকিবলৈ আৰম্ভ কৰা পথাৰৰ আহু,বড়া আদি ধানৰ খেতিবোৰ পানীৰ তলত বুৰ গৈ নষ্ট হোৱাৰ ফলত বান পীড়িত ৰাইজৰ মাজত দেখা দিছে অনাগত দিনত তীব্ৰ খাদ্য সংকটৰ আশংক্ষা । এনে সময়তো জোনাই মহকুমা কৃষি বিভাগ কিম্বা জনপ্ৰতিনিধিয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰে বান পীড়িত ৰাইজ ।

লগতে পঢ়ক : বানপানী চাবলৈ গৈ মৃত্যুক সাৱটিলে কামপুৰৰ যুৱকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.