ETV Bharat / state

জোনাইত ক’ভিড সজাগতা সভা

author img

By

Published : Jun 5, 2021, 10:55 PM IST

জোনাইত প্ৰশাসনৰ উচ্চপদস্থ বিষয়া জনপ্ৰতিনিধিৰ সৈতে ক'ভিড ভেকচিন সন্দৰ্ভত সজাগতা সভা ৷ সভাত উপস্থিত থাকে বিধায়ক ভূৱন পেগু ৷

covid-awarness-meeting-at-jonai
জোনাইত ক’ভিড সজাগতা সভা

জোনাই, ৫ জুন: জোনাইত শুকুৰবাৰে মিচিং কৃষ্টি ভৱনত জোনাই ৰাজহ চক্ৰৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ উদ্যোগত আৰু জোনাই গাওঁ পঞ্চায়তৰ সহযোগত জোনাই বিধানসভা সমষ্টিৰ বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়া প্ৰমুখ্যে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, পঞ্চায়ত প্ৰতিনিধি আৰু বহু বিভাগীয় বিষয়া-কৰ্মচাৰী সৈতে ক’ভিড মহামাৰী সম্পৰ্কীয় এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ সজাগতা সভাত আদৰণি ভাষণ আগবঢ়াই জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে ৷ তেওঁ কয় যে, জোনাই মহকুমাৰ বিশেষকৈ গ্ৰামাঞ্চলত ক’ভিড প্ৰতিৰোধ আৰু ভেকচিন প্ৰদানক লৈ জোনাই মহকুমাত প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ দল সাজু আছে ৷

covid-awarness-meeting-at-jonai
জোনাইত ক’ভিড সজাগতা সভা

তেওঁ ৰাইজক মহামাৰী ক’ভিডক সহজভাৱে ন'লবলৈ আহ্বান জনোৱাৰ লগতে সকলোকে সজাগ হৈ ক’ভিড ভেকচিন লবলৈ আহ্বান জনায় ৷ জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে সভাত উপস্থিত থাকি কয় যে, জোনাইৰ যিহেতু চহৰ অঞ্চলতকৈ গাঁও অঞ্চলত ক’ভিড ৰোগী বেচি ধৰা পৰিছে সেয়েহে নিৰ্বাচিত জনপ্ৰতিনিধি, বিভিন্ন দল সংগঠনে মহকুমা প্ৰশাসনৰ সৈতে মিলি দায়িত্ব লৈ গাঁৱে গাঁৱে গৈ সজাগতা সভা পাতিব লাগিব ৷ বিশেষকৈ তুলনী বিয়া, সকাম, আদি এৰাই চলিব লাগে ৷

তেওঁ লগতে কয় যে, গাঁৱৰ লোকসকলে প্ৰায়ে মাস্ক পৰিধান নকৰে তেওঁলোকক মাস্ক কিয় পৰিধান কৰিব লাগে সেই কথাখিনি বুজাই কোৱাৰ দৰকাৰ ৷ গাঁৱত যদিহে কৰ’ণা মহামাৰী হয় তেন্তে ই অতি ভয়ানক হ’ব ৷ গতিকে তৃতীয় পৰ্যায়ৰ ক’ভিড মহামাৰী অহাৰ আগতে ক’ভিড ভেকচিন লৈ আজৰি হৈ থাকিব লাগে ৷ সজাগতা সভাত জোনাই মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামান, ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডি, ধেমাজি আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সদস্য ৰাজু মেদক, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু, সোনোৱাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য ত্ৰৈলোক্য সোনোৱালে ক’ভিড সজাগতা সম্পৰ্কীয় বক্তব্য ৰাখে ৷

জোনাই আৰক্ষী বিষয়া ঋতুৰাজ দলে, দণ্ডাধীশ প্ৰিতম কুমাৰ দাস, জোনাই চক্ৰ বিষয়া (সংগ্লন্ন) নেকিব চৈয়দ বৰুৱা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য মলেন্দ্ৰ নাৰ্জাৰী, নৰেশ কুম্বাং, পূৱ জোনাই বিজেপি সভাপতি আদিত্য বৰুৱা, মহকুমাটোৰ উচ্চপদস্থ বিষয়া কৰ্মী, পঞ্চায়ত সভাপতি আৰু বিভিন্ন দল সংগঠনৰ কৰ্মী সভাখনত উপস্থিত থাকে ৷

লগতে পঢ়ক: 6 নং দফা: মুখ্যমন্ত্ৰীক যুক্তি প্ৰদৰ্শন উপমন্যু হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.